Sunday 10 August 2014

অৰবিন্দ কেজৰিৱাল বনাম নৰেন্দ্ৰ মোডি :

অৰবিন্দ কেজৰিৱাল বনাম নৰেন্দ্ৰ মোডি : যোৱা এমাহৰ ভিতৰত দেশৰ ৰাজনৈতিক আৱাহাৱাই হঠাৎ যেন এক আশাৰ সৃষ্টি কৰিবলৈ সক্ষম হৈছে । হঠাৎ এটা নাম সমুহ ভাৰত বাসীৰ মুখে মুখে । কোনোবাই হয়তো সমৰ্থন কৰি, কোনোবাই বিৰোধিতা কৰি তেঁওৰ নাম লৈছে । আৰু সেইজনেই হৈছে অৰবিন্দ কেজৰিৱাল । যোৱা ৬৬ টা বছৰৰ ৰাজনৈতিক স্খলন দেখি দেখি মানুহৰ মন হয়তো এক নতুনত্বৰ সন্ধানত আছে । কংগ্ৰেছৰ দুৰ্নীতি আৰু অপশাসনে ভাৰতবাসীক ভালকৈয়ে জুৰুলা কৰিছে । সেইসময়ত মোডিৰ উত্থানে হয়তো ভাৰতবাসীৰ মাজত এক নতুন উত্তেজনাৰ সৃষ্টি কৰিবলৈ সক্ষম হৈছিল । মানুহে আশা দেখিবলৈ লৈছিল। সদ্য সমাপ্ত ৫ খন ৰাজ্যৰ বিধানসভাৰ নিৰ্বাচনত আনকি তিনি খনকৈ বৃহৎ ৰাজ্যত বি জে পি ক জয়যুক্ত কৰি যেন কংগ্ৰেছক সংসদীয় ৰাজনীতিৰ পৰা এইবাৰ বিদায় দিবলৈ ৰাইজে ককালত টঙালি বান্ধি লৈছিলেই, কিন্ত্ত হঠাৎ সকলোবোৰ ৰাজনৈতিক দলৰ অংকত খেলি মেলি লগাই দিলে অৰবিন্দ কেজৰিৱালৰ নেতৃত্বাধীন আম আদমি পাৰ্টিয়ে । ২০১৪ চনত হ’ব লগা যুদ্ধ খনত কংগ্ৰেছক পাছ পেলাই মোডিৰ নেতৃত্বাধীন বি জে পি ক সম্মুখ সমৰলৈ আহ্বান কৰিলে এই আম আদমি পাৰ্টিয়ে । তথাকথিত ৰাজনৈনিক মহলত হুৱা দুৱা লাগিল । তাৰ প্ৰমাণ হঠাৎ সকলোৱে সমস্বৰে দুৰ্নীতিৰ বিপক্ষে মাত মাতিব লাগিছে । সকলোৱে নি:সস্ব জনতাৰ সমভাগী হ’ব ওলাইছে । যদিও এই যুদ্ধ খনৰ শেষ হাঁহি কোনে মাৰিবগৈ এতিয়াই কোৱা টান তথাপি অৰবিন্দ কেজৰিৱালে যে তথাকথিত ৰাজনৈতিক মহলৰ আগত এক প্ৰ্ত্যাহ্বান ৰাখিবলৈ সক্ষম হ’ল সেইয়া একেবাৰে সঁচা । এই যুদ্ধখনত ৰাহুল গান্ধী আৰু মোডিৰ প্ৰাৰ্থিত্ব নিশ্চয় অৰবিন্দ কেজৰিৱালতকৈ শক্তিশালী কাৰণ দুয়োজনে ভাৰতৰ দুটাকৈ শক্তিশালী দলক প্ৰতিনিধিত্ব কৰে । তেওলোকৰ দলীয় তথা সাংগাঠনিক শক্তিও যথেষ্ট বেছি । তৎস্বত্বেও অৰবিন্দ কেজৰিৱালৰ উত্থানে কিয় এই দল দুটাৰ ভেটি কঁপাই তুলিবলৈ সক্ষম হৈছে ? এই দুয়োটা দলেই আশা কৰা ধৰণে ৰাইজৰ আশা আকাংক্ষ্যাক মৰ্য্যদা দিবলৈ সক্ষম হোৱা নাই । দল দুটাই এতিয়াও ধৰ্ম্ম জাত পাতৰ ৰাজনীতিৰ পৰা নিজক বাহিৰ উলিয়াব পৰা নাই । এই পৰ্য্যন্ত নীতিগত ভাৱে কংগ্ৰেছ আৰু বি জে পি ৰ মৌলিক পাৰ্থক্য বিশেষ জনগনৰ চকুত একো পৰা নাই । দুয়োটা দলতে দুৰ্নীতি আৰু দুৰ্নীতি কৰা মানুহৰ প্ৰয়োভৰ । দুয়োটা দল যেন ইটোৰ সিটো পৰিপূৰকহে, বিকল্প নহয় । এইখিনিতে নেতা হিচাবে মোডি নিশ্চয় কিছু আগবাঢ়ি আছিল এই তথাকথিত দল দুটাৰ নেতৃত্বৰ মাজত । মোডিৰ নেতৃত্বত বিজেপিয়ে কংগ্ৰেছ মুক্ত ভাৰতৰ শ্লোগানেৰে নিজকে এক সুবিধাজনক স্থিতিতো নিশ্চয় উপনিত কৰাবলৈ সক্ষম হৈছিল । মোডিৰ অভাৱনিয় প্ৰশাসনিক দক্ষতাই তেখেতক দুৰ্ব্ব্ল নেতৃত্বৰ ৰাহুল গান্ধীৰ সন্মুখত প্ৰায় অপ্ৰতিদন্দী কৰি তুলিছিল । বিশাল ব্যক্তিত্ব তথা গুজৰাটৰ দৰে এখন ৰাজ্যক সফলতাৰে চাৰিটাকাল প্ৰতিনিধিত্ব কৰা তথা ব্যৱহাৰিক আৰু ব্যৱসায়িক জ্ঞানেৰে পুষ্ট মোডিৰ তুলনাত ৰাহুল গান্ধীৰ আদৰ্শৰ কোনো সচ্চতা এতিয়ালৈ সাধাৰণ জনতা তথা কৰপৰেট জগতৰও একো চকুত পৰা নাই । মুঠতে ৰাহুল গান্ধী সৰ্ন্দভত কাৰো মতামত একেবাৰে উৎসাহ জনক নহয় । তেনেকুৱা এই সন্ধিক্ষণতে অৰবিন্দ কেজৰিৱালৰ উত্থানে যেন সমগ্ৰ ৰাজনৈতিক অংকতে খেলিমেলি লগাই দিবলৈ সক্ষম হ’ল । ব্যক্তিত্বৰ ফালৰ পৰা দুয়োজনে সম্পূৰ্ণ বিপৰীত মেৰুত অৱস্থান কৰে । দুয়োজনৰ ৰাজনৈতিক ব্ৰেণ্ড তথা দৰ্শন কিন্ত্ত সম্পূৰ্ণ স্বচ্চ । আৰু দুয়োজনৰে জনপ্ৰিয়তা বিশেষকৈ শিক্ষিত, নিম্ন মধ্যবিত্তিয় তথা চহৰাঞ্চলত যথেষ্ট । কংগ্ৰেছৰ অপশাসন , দুৰ্নীতিত দগ্ধ এই খিনি মানুহ এই দুয়োজন নেতাৰ মাজতে ত্ৰাণ কৰ্ত্তাৰ ৰুপ বিচাৰি পাইছে । কিন্ত্ত তাৰ ফলত এইখিনি মানুহৰ মাজত ভোটবিভাজন হোৱাৰ সম্পূৰ্ণ সম্ভাৱনা আহি পৰিছে । কিন্ত্ত যদিহে অৰবিন্দ কেজৰিৱালৰ নেতৃত্বাধীন দিল্লী চৰকাৰে আগন্ত্তক দুমাহ বা তিনিমাহৰ ভিতৰত কিছুপৰিমাণৰ চমৎকাৰ কৰি দেখুৱাবলে সক্ষম হয় তেতিয়া হ’লে হয়তো এই ভোটাৰ খিনৰ এক মোটা সংখ্যক অৰবিন্দ কেজৰিৱালৰ কেম্পলৈ যোৱাৰ সম্পূৰ্ণ সম্ভাৱনা আছে , হয়তো এই সম্ভাৱনা অনুমান কৰি ইতিমধ্যে মোডি অনুৰাগীয়ে অৰবিন্দ কেজৰিৱালক অনভিগ্য আক্ষ্যাদি স্ংকটমুক্ত হ’ব বিচাৰিছে । অৰবিন্দ কেজৰিৱালৰ অনভিগ্যতা স্বত্তেও কিন্ত্ত এই মূহুৰ্ত্তত তেখেত মোডিতকৈ কিছু ক্ষেত্ৰত আগবাঢ়ি গৈছে । অৰবিন্দ কেজৰিৱালৰ এই জনপ্ৰিয়তাৰ কাৰণ কেবাটাও । অৰবিন্দ কেজৰিৱাল মুলত ৰাজনৈতিক নেতাতকৈ সমাজহৈতিসি নেতা হিচাপেহে নিজক প্ৰতিপন্ন কৰিবলৈ সক্ষম হৈছে । তাৰোপৰি এতিয়াও নৈতিকতাক গুৰুত্ব দিয়া একাংশ বুদ্ধিজীৱি মহলৰ পৰা নৈতিক সমৰ্থনেও অৰবিন্দ কেজৰিৱালক শক্তিশালী অৱস্থানত ৰাখিবলৈ সক্ষম হৈছে । অৰবিন্দ কেজৰিৱালৰ আদৰ্শই ধৰ্ম্ম- জাত পাতৰ উৰ্দ্ধত অৱস্থান কৰিছে, সেইটোৱে তেখেতক সমাজৰ উদাৰ মনোভাপন্ন মানুহৰ বিশেষকৈ যুৱ চামৰ কাষ চপাই নিবলৈ সক্ষম হৈছে । তাৰোপৰি অৰবিন্দ কেজৰিৱালৰ নেতৃত্বাধীন দলটোৱে এই পৰ্য্ন্ত এক নিকা চৰিত্ৰ বহন কৰিবলৈ সক্ষম হৈছে। আৰু এই স্বচ্চতাই হয়তো দেশ বিদেশৰ বিভিন্ন ভাৰতীয়ক তেখেতৰ দলটোৰ কাষ চপাই নিব্ পাৰিছে । ইতিমধ্যে দৈনিক লাখে লাখে সাধাৰণ মানুহৰ লগতে আনকি কৰপৰেট জগতৰও বিভিন্ন মুধাফুটা লোকো এই দলটোৰ প্ৰতিআকৰ্ষিত হৈছে নতুবা যোগদানও কৰিছে এক নতুন ভাৰত গঢ়াৰ স্ংকল্পলৈ । আৰু এই সময় মোডি নেতৃত্বাধীন দল টোৱে য়েডুৰাপ্পাৰ নিচিনা দুৰ্নীতিৰ অভিযোগ থকা ব্যক্তিক আদৰিলৈ যেন জনগণ মাজলৈ এটা ভুল সংকেট প্ৰেৰণ কৰিছে । যদিও আদালতে দুৰ্নীতিৰ অভিযোগৰ পৰা মুক্তি দিছে কিন্ত্ত জনগণই হয়তো এনেকুৱা ব্যক্তিৰ অৰ্ন্তভুক্তিক বৰ সহজ ভাবে নলব। হয়তো বি জে পি বা আন তথাকথিত দলবোৰে জনগণৰ আশা আকাংক্ষ্যাক এতিয়াও অনুধাৱন কৰিবলৈ সক্ষম হোৱা নাই । সকলোতকৈ ডাঙৰ কথাটো হৈছে মোডি আৰু অৰবিন্দ কেজৰিৱাল দুয়ো জনৰে উত্থান যদিও কংগ্ৰেছৰ অপশাসনৰ কাৰণেই হৈছিল কিন্ত্ত অৰবিন্দ কেজৰিৱালৰ শেহতীয়া উত্থানে যেন গোটেই ভাৰতীয় ৰাজনৈতিক ক্ষেত্ৰখন্ত এক ধনাত্মক আশাৰ সন্সাৰ কৰিবলৈ সক্ষম হ’ল ।যদিহে এই আশাত চেচাপানী নপৰে আৰু দলটোৰ নিকা স্বচ্চ চৰিত্ৰ বজাই ৰাখিবলৈ সক্ষম হয় তেন্তে ইয়াৰ প্ৰভাৱ ভাৰতৰ ৰাজনীতিৰ বাবে সুদুৰ প্ৰসাৰী হ’ব। যদিহে আগুন্ত্তক লোকসভা নিৰ্বাচনত অৰবিন্দ কেজৰিৱাল নেতৃত্বাধীন দলটোৱে ২০ ৰ পৰা ৩০ খন আসন জিকিবলৈ সক্ষম হয় মোডিৰ যে প্ৰধান মন্ত্ৰীত্বৰ দৌৰত একসাংঘাটিক জটিলতাৰ সৃষ্টি হব সেইটো খাটং । যদিও অৰবিন্দ কেজৰিৱালৰ দলটো এতিয়ালৈ ৰাজনৈতিক পৰীক্ষাত নিজক সম্পূৰ্ণ ৰুপে প্ৰমানিত কৰিবলৈ বাকী আছে ।সকলোৱে জানে যে ৰাতিটোৰ ভিতৰতে বা এবছৰ- দুবছৰৰ ভিতৰতে নিশ্চয় আমাৰ সমাজ খন, দেশ খন সলনি হৈ নাযায়, কিন্ত্ত হয়তো সকলোৱে আশাকৰে সলনি হঁওক আমাৰ স্খলিত সমাজ তথা দেশৰ ৰাজনৈতিক ব্যবস্থা , সেই কাৰণেই হয়তো তেখেতৰ নেতৃত্বাধীন দলটোৱে সৰ্ব্বত্ত এক আশাৰ বতৰা কঢ়িয়াই আনিবলৈ সক্ষম হৈছে । আশাকৰো ভাৰতীয় ৰাজনীতিৰ এই সন্ধিক্ষন হৈ পৰক এক যুগজয়ী ক্ষণ । আৰম্ভ হঁওক এক নতুন ৰাজনীতিৰ যুগ এক নিকা ৰাজনীতিৰ যুগ ।

No comments:

Post a Comment