Sunday 10 August 2014

মাণ্ডেলাৰ দেশৰ ডায়েৰি :(1)

মাণ্ডেলাৰ দেশৰ ডায়েৰি : আজি কেইবাবছৰৰ আগৰ কথা । তেতিয়া দক্ষিণ আফ্ৰিকাগৈ থানথিত লগাই নাই ।তেনেকুৱা এদিনতে কৃষ্ণাংগ আফ্ৰিকান সহকৰ্ম্মী চাইমন বোলা এজনে তাৰ বিয়ালৈ বুলি নিমন্ত্ৰন জনালে ,নিমন্ত্ৰন মানে মেইল এখন পঠালে ।এনেয়েও মই মানুহটো হ’লো এই বিয়া বাৰু সকাম নিকাম খাই ভাল পোৱা মানুহ ।খাই ভাল পোৱা মানে ? মাতিলেতো কথাই নাই নমতাকেও খাইবৈ ফুৰা মানুহ । যদিও অভ্যাসটো বৰ ভাল নহয় বুলি জানো তথাপি ফটককে বিয়া ঘৰ চৰ দেখিলে সোমাই দি বৰ বেয়া নেলাগে । এবাৰটো কটনত হায়াৰ চেকেণ্ডদেৰি পঢ়ি থাকোতে তেনেকুৱা বিয়া খাবলৈ গৈ কোনোমতেহে পিঠিত কোব নপৰাকে আহি হোষ্টেল পাইছিলোহি । যি কি নহঁওক চাইমনে বিয়ালৈ মাতিলে যেতিয়া ফটককে বিয়াৰ নিমন্ত্ৰনটো গ্ৰহনেই কৰি দিলো । ভাবিলো বিয়াখনো খোৱা হ’ব লগতে এই দেশৰ বিয়া বাৰুৰ নীতিনিয়মও অলপ জনা হ’ব ।বিয়া মাতোতেই এটা কথা গম পালো বিয়া মতাৰ লগে লগে নিৰ্দিষ্ট সময়ৰ ভিতৰত নিমন্ত্ৰন গ্ৰহন নকৰিলে হঠাৎ বিয়া খাব ওলালেগৈ গৃহস্থই বৰ এটা ভাল নাপাব । বিয়াৰ নিমন্ত্ৰন গ্ৰহন কৰি বিচাৰ খোচাৰ কৰি গম পালো লগৰে ছিমাংগা দেনভাৰহঁতো বিয়ালৈ যাব লগতে নাটাছা আৰু পাগামাও বিয়ালৈ যাব বুলি কথা দিছে । ছিমাংগাই মোকো তাঁহাতৰ লগতে যাব কোৱাত মই ভালেই পালো । বিয়াঘৰ মোৰ থকা ঠাইৰ পৰা প্ৰায় ২৩০ কি:মি: দুৰ । যিহেতু বিয়া ঘৰ পাঁওতে প্ৰায় দুঘণ্টা লাগিব নিদিষ্ট দিনা ৰাতি পুৱা ৮ টা বজাতে ঘৰৰ পৰা ওলালো কাৰণ বিয়াৰ নিমন্ত্ৰনীত বিয়াৰ কাৰ্য্যসূচী পুৱা ১০ বজাৰ পৰা আৰম্ভ হ’ব বুলি দিয়া আছিল ।কতো নোৰোৱাকৈ যোৱা বাবে বিয়া ঘৰ ১০ বজাৰ আগতেই পালোগৈ ।ঘৰৰ সন্মুখত সুন্দৰকৈ সজোৱা ৰভাঘৰ । ৰভাঘৰৰ বিপৰীত ফালে ফিলদ এখন, তাতে আমাৰ গাড়ীখন পাৰ্ক কৰিলোগৈ । ইতিমধ্য বিয়া ঘৰত যথেষ্ট ভিৰ হৈছেই কিন্ত্ত মানুহবোৰ চোন ৰভাঘৰত সোমোৱা নাই ? দেনভাৰে কোৱাতহে গম পালো এতিয়া বিয়াৰ বিভিন্ন নিয়ম নীতি কৰাৰ পাছতহে ৰভাঘৰত সোমাব পৰা যাব । তেতিয়াহে মন কৰিলো বিয়ালৈ অহা কিছুমান মানুহে গাড়ীত নিজৰ নিজৰ কেম্পিং ছেয়াৰ লৈ আহি ৰভাৰ বাহিৰতে বহিব ধৰিছে । লাহে লাহে দেখুন মানুহ বোৰে এপদ দোপদকৈ খোৱা বস্তু শীতল পানীয় বিয়েৰ আদি নিজৰ নিজৰ বাকচৰ পৰা উলিয়াই খোৱাত লাগিছে । লাহে লাহে অনুভৱ কৰিলো ঘৰত ইমান ৰাতিপুৱাই ব্ৰেকফাষ্ট কৰিব মন নকৰাত চাহ একাপ আৰু বিস্কুত দুখন খাই অহা পেটতোৰো অকনমান ভোক লগা যেন হৈছেগৈ । তাতে আকৌ বিয়া ঘৰ ১০ টাত পাই লগে লগে একপেট মাৰিম বুলিও ভাবি আহিছিলো, এতিয়াহে গম পালো বিয়াৰ আনুসংগিক নীতিনিয়ম নোহোৱালৈ খোৱা বোৱাতো বাদেই ৰভাঘৰতেই সোমাব নাপাম । মনতো বেয়াই লাগি যাঁওতেই যেনিবা পাগামা আৰু নাটাচাই খোৱাবস্তুৰ বাকচ এটালৈ আহিল ।ইফালে ছিমাংগাইও তাৰ কুলাৰ বক্সৰ পৰা ক’ক আৰু বিয়েৰ বটল উলিয়ালে ।তেতিয়াহে ক্ষা। সিঁহতি কঁওতেহে গম পালো বিয়াৰ নিয়মনীতি চলি থাকোতে বহুত দৰা কইনাৰ ঘৰত খোৱা বোৱা আগনবঢ়াই আৰু নিয়ম নীতি বিলাক ঠাই আৰু মানুহ লৈ লৈ দীঘল চুটি হয় । ইতিমধ্যে বিয়াৰ নীতি নিয়ম শেষ হঁওতে হঁওতে প্ৰায় ২ টাই বাজিলগৈ, তেতিয়াহে ৰভাঘৰলৈ দৰা কইনা সোমাই যোৱাৰ লগে লগে আমিবোৰো পিছে পিছে সোমাইগৈ আমাৰ কাৰণে নিৰ্দিষ্ট কৰি থোৱা আসনত বহিলোগৈ । এতিয়াহে গম পালো আচল বিয়া বাৰু হৈয়ে গ’ল মাত্ৰ আমাৰ ৰিচেপচনৰ দৰে কাৰবাৰহে বাকী আছেগৈ ।ইতিমধ্যে আমি নিয়া উপহাৰবোৰ নিৰ্দিষ্ট বহী এখনত ৰেজিষ্টাৰ কৰি মানুহ এজনৰ হাতত গতাই দিলো । তাৰ পাছত ছাইমনৰ পৰিয়ালে সকলোকে সম্ভাষন জনালে আৰু বিভিন্নজনে নিজৰ বক্তব্য ডাঙি ধৰিলে । একেবাৰে শেষত ছাইমন আৰু তাৰ পত্নীয়ে ভাষন দিঁওতেহে গম পালো সিঁহতৰ লগে লগে ঘূৰি ফুৰা ছয় সাত বছৰীয়া লৰা ছোৱালী হাল সিঁহতৰেই । মই আকৌ ইমান দেৰি আমাৰ বিয়া বিলাকত দৰা কইনাৰ লগত থকা ভাগিনিয়েক ভতিজাক আদি বুলিহে ভাবি আছিলো ।বিয়াৰ আগতেই ল’ৰা ছোৱালী অকন মান আচৰিতও হ’লো তাৰ পাছত ভাবিলো লিভিং টুগেদাৰ চুগেদাৰ কৰি আছিল কিজানি ইমান দিন ।এই বুলি সোধেতেহে ছিমাংগাই ক’লেযে আচলতে ছাইমনে সময়মতে ল’বলা ( ই’বলা নহয় আকৌ দেই ) দিব নোৱাৰাৰ কাৰণেহে তাঁহাতৰ বিয়াখন ইমান দিন হোৱা নাছিল । মই আকৌ এই ল’বলাটোনো কি বস্তু সোধাত নাটাছাই তপৰাই মাত লগালে –সেইযে তঁহতৰ দেশৰ ডাউৰি (যৌতুক) বুলি কয় তেনেকুৱাই বস্তু । মই বোলো ডাউৰি চাউৰি মই ভাৰতৰ যিখন ঠাইৰ পৰা আহিছো তাত নাই দেই বুলি তাঁহাতক ক’লো। নিজৰ দেশখনৰ বেয়া শুনিলে এনেয়েও ভাল নালাগে দিয়কচোন যদিও অসমতে ২০১২ চনত যৌতুক জনিত কাৰণত ৪০০ ৰও ওপৰৰ হত্যা সংঘটিত হৈছে । যি কি নঁহওক ছাউথ আফ্ৰিকাতও যৌতুক জাতীয় বস্তু আছে বুলি শুনি অলপ আচৰিতেই হ’লো। কিন্তু ইঁহতে কোৱাতহে গম পালো আমাৰ যৌতুক আৰু ইঁহতৰ ল’বলা সম্পূৰ্ণ বেলেগ বস্তু ।ল’বলা দিব লাগে লৰাই ছোৱালী মানে ছোৱালী ঘৰক । পৰম্পৰাগতভাৱে এই ল’বলা দিয়া হয় গোধনৰ (গৰু) হিচাবত ।তাহানি দিনত আফ্ৰিকান সমাজখনত গোধনৰ হিচাবতে সমাজৰ প্ৰতিপত্তিশীলতা নিৰুপিত হৈছিল । ল’বলা দিব পৰাটোৰ ওপৰতে লৰাৰ মান মৰ্য্যদা নিৰুপিত হয়। লৰাই ল’বলা যোগাৰ কৰি প্ৰমান কৰেযে সি ছোৱালীজনীক বিয়া কৰাই ছোৱালীজনীক কষ্ট নিদিয়াকৈ এসাজ খোৱাবলৈ সক্ষম । এই ল’বলা কিমান লোৱা হ’ব সেইটো ছোৱালী ঘৰে নিৰ্ধাৰণ কৰে ,অৱশ্যে ল’বলা দিয়া আৰু লোৱাটো দৰা কইনা দুয়ো ঘৰ মানুহ একেলগে বহি আলোচনা বিলোচনাৰ মাজেৰে নিৰ্ধাৰন কৰে । কেতিয়াবা বোলে এই আলোচনা কেইবা দিনলৈ চলে । আজি কালি বেছি ভাগ ক্ষেত্ৰতে ল’বলাত গোধনৰ সলনি তাৰ মূল্যটোহে দিয়া হয় । ল’বলা নিৰ্ধাৰন হোৱাৰ পাছত দৰাই কইনা ঘৰত গৰু ,গাহৰী বা ছাগলী মাৰি ডাঙৰ ভোজ ভাতৰ যোগাৰ ধৰে । কোৱা বাহুল্যযে ল’বলাৰ নিৰ্ধাৰিত গোধন বা তাৰ মূল্য একেবাৰতে যে দিব লাগিব তাৰও কোনো মানে নাই ,ইঞ্চষ্টলমেণ্টত দিলেও হয় । কিন্ত্ত ইঞ্চষ্টমেণ্ট শেষ হোৱাৰ পাছতহে সামাজিক ভাৱে পতি পত্নী বুলি স্বৃকৃতি দিয়ে ।আগৰ দিনত বোলে ল’বলা দিব নোৱাৰা জোঁৱায়েকে শহুৰেকৰ ঘৰত বছৰ বছৰ দিন গেবাৰী খাটি ল’বলা আদায় দিব লগা হৈছিল।মুঠতে আন এক পৰম্পৰা। যি কি নঁহওক ছাইমনেও এতিয়া সম্পূৰ্ণ ল’বলা দি উঠি এতিয়া লিজাক নিজৰ পত্নী কৰি ল’ব ওলাইছে। সকলোৰে ভাষণ শেষ হোৱাৰ পাছত সকলোৱে ছেম্পেইন খুলি দৰা কইনাৰ সুখী যুগ্ম জীৱন কামনা কৰিলে। তাৰ পাছত সকলোৰে কাৰণে যোগাৰ কৰা সুস্বাদ্যু ভোজ ভাতেৰে বিয়াৰ সেইটো পৰ্ব্বৰ সামৰণি পৰিলে ।

বিদেশী সমস্যা আৰু অসম বন্ধ :

বিদেশী সমস্যা আৰু অসম বন্ধ : অনুপ্ৰবেশ এই শব্দটোৱে যোৱা কে’বাটাও দশক ধৰি অসম তথা অসমবাসী ৰাইজক বাৰুকৈয়ে আগুৰি ধৰি ৰাখিছে । এই অনুপ্ৰবেশকলৈ কম খন ৰাজনীতিও কৰা হোৱা নাই । ছয় বছৰীয়া আন্দোলনটো কৰি ৰাজনীতিত নমা অসম গণ পৰিষদ দলটোক ৰাইজে শাসনভাৰ দি মনতে ভাবিলে এইবাৰ আৰু চিন্তাৰ কোনো কাৰণ নাই, বিদেশীৰ সমস্যা আৰু ক’ত থাকিব, যিহেতু বিদেশীয়েই নাথাকিব অসম খনত । কিন্ত্ত ৰাইজৰ এই সপোনবোৰ ভাঙি থানবান হ’বলৈ বেছি সময় নালাগিল। সেইকাৰণে ৰাইজে প্ৰতাৰণাৰ পোতক তুলিবলৈ সেই দল তথা নেতাক ক্ষমতাৰ পৰা দলিয়াই পেলাবলৈ কুণ্ঠাবোধ নকৰিলে । কিন্ত্ত আজিও অসম তথা অসমবাসীক বিদেশী সমস্যাতোকলৈ প্ৰলোভন এতিয়াও বিভিন্ন দল সংগঠনে দিয়েই থাকিল । হয়তো কিছুমানে সঁচাকৈয়ে অসমৰ পৰা বিদেশী খেদি অসমখন বিদেশীমুক্ত কৰিব বিচাৰে আৰু কিছুমানে তাকে লৈ কেৱল ৰাজনীতি কৰিব বিচাৰে । সঁচা অৰ্থত কোনে কি বিচাৰে তাৰ বিচাৰ কৰিব নাযাঁও । সেই কামফেৰাৰ দায়িত্ব ৰাজনৈতিক ভাবে পুৰঠ অসমবাসী ৰাইজেই ল’ব । অসমৰ আৰ্থ সামাজিক ক্ষেত্ৰখনত বিদেশী অনুপ্ৰবেশকাৰীৰ ভুমিকা নিশ্চয় চিন্তনীয় । ২০১১ চনৰ জনগণনাৰ প্ৰাৰম্ভিক তথ্য মতে যদিও অসমৰ মুঠ জনস্ংখ্যা বৃদ্ধিৰ অনুপাত দেশৰ জনস্ংখ্যা বৃদ্ধিৰ অনুপাততকৈ কম কিন্ত্ত বাংলাদেশৰ সীমামুৰীয়া জিলাকেইখনৰ জনস্ংখ্যা বৃদ্ধিৰ অনুপাত দেশৰ জনস্ংখ্যা বৃদ্ধিৰ অনুপাততকৈ কিছু বেছি ।এই কিছুসংখ্যক অসমৰ এলেকা বা জিলাত জনসংখ্যাৰ বৃদ্ধি ধৰণ নিশ্চতৰুপে কিছু চিন্তাৰ বিষয় । । কিন্ত্ত এই জনস্ংখ্যা বৃদ্ধিৰ অনুপাতক কেৱল অনুপ্ৰবেশ বুলি চিঞৰি পাৰি থাকিলেই আমাৰ সমস্যা সমাধান হ’বনে ? আমি দাবী কৰি থকা ১৯৫১, ১৯৬৬ বা ১৯৭১ চনৰ পাছত অহা বিদেশী খিনিক সঁচাকৈয়ে দেশৰ পৰা বিতাড়িত কৰিব পাৰিমনে ? এইটো সঁচাকৈয়ে প্ৰেক্টিকেল হয়নে? এনে বহুতো প্ৰশ্নই আমাক আবৰি ধৰে এই সমস্যাৰ কথা উত্থাপন হ’লে। এতিয়া আহো ইতিহাসলৈ- আমি যদি যিকোনো ইতিহাস অধ্যয়ন কৰো আমি দেখিম প্ৰবজন (বা অনুপ্ৰবেশ যি বুলিয়েই নঁকওক)এক চিৰন্তন সত্য । নিজক জীয়াই ৰখাৰ সংগ্ৰামত মানৱ জাতিয়ে এখন দেশৰ পৰা আন এখন দেশলৈ অথবা এখন মহাদেশৰ পৰা আন এখন মহাদেশলৈ প্ৰবজন কৰিছিল প্ৰাচীন কালতো। হয়তো সেইসময়ত জনসংখ্যাৰ বোজা ল’ব পৰাৰ ক্ষমতাৰ বাবে সেই প্ৰবজনবোৰে সমস্যাৰ সৃষ্টি কৰা নাছিল । কিন্ত্ত বৰ্ত্তমানৰ এই অবৈধ প্ৰবজন কেৱল অসম বা ভাৰতবৰ্ষৰে সমস্যা নে ? তাৰ উত্তৰ একেষাৰতে ক’বলৈ গলে সমগ্ৰ বিশ্বতে এতিয়াও বিভিন্ন স্তৰত বিভিন্ন ধৰণেৰে প্ৰবজন সংগঠিত হৈয়ে আছে। বিশ্বৰ সকলোতকৈ উন্নত দেশ আমেৰিকাৰ পৰা আৰম্ভ কৰি ইংলেণ্ড, ছৌডি আৰৱ, দক্ষিণ আফ্ৰিকা সকলোতে এই অবৈধ প্ৰবজন বিৰাজমান । অকল আমেৰিকাতে ১.২ কোটি অবৈধ প্ৰবজনকাৰী থকাৰ কথা আমেৰিকাৰ সংসদে মানিলৈ সেই সকলক বৰ্ত্তমান নাগৰিকত্ব দিয়াৰ কথা বিবেচনা কৰি আছে। সেই ১.২ কোটি অবৈধ প্ৰবজনকাৰীৰ প্ৰায় ৯০ লাখ ওচৰ চুবুৰীয়া দেশ কানাডা, মেক্সিকো আদিৰ লগতে প্ৰায় ২.৫ লাখ ভাৰতীয়,২.৯ লাখ চীনা মুলৰ মানুহ । এতিয়া আমাৰ অসম মূলূকত যদি বাংলাদেশী আছে সেই সকলক চিনাক্ত কৰা সঁচাকৈ সম্ভৱ হবনে ১৯৬৬ চন বা ১৯৭১ চনক ভিত্তি কৰি । আজিৰ সময়ত হয়তো আমি অন্য বিকল্পহে চিন্তা কৰিব লাগিব । দেখা যায় এই সমস্যাটো বৰ্ত্তি থাকিলে শাসক বা বিৰোধী সকলোৰে কাৰণে ইয়াকলৈ ৰাজনীতি কৰাৰ পথ সদায় খোলা থাকিব, কিন্ত্ত ইয়াৰ সমাধানৰ কাৰণে তেঁওলোকে কোনোৱেই বিশেষ কাৰ্য্য হাতত নলয় ।আজিৰ সময়ত মূল কথা হ’ব লাগে আজিৰ দিনটোৰ পৰা ভবিষ্যতলৈ যাতে আৰু অবৈধ নাগৰিক আহিব নোৱাৰে তাক সুনিশ্চিত কৰা, কিন্ত্ত অতীততে আহি অসমত বসবাস কৰা সকলক হয়তো আদৰি লৈ এই সমস্যাটোকলৈ ৰাজনীতি কৰি থকা অথচ কোনো সমাধান নকৰা ৰাজনীতিক বন্ধ কৰিবলৈ আমাৰ জাতীয় সংগঠন বিলাকেই হয়তো কাৰ্য্যপন্থা নিৰ্ধাৰণ কৰিব লাগিব । বিশ্বৰ প্ৰায়বোৰ দেশতে পাঁচৰ পৰা দহ বছৰ বৈধ ভাবে থকাৰ পাছত দেখোন সেইখন দেশৰ নাগৰিকত্ব আহৰণ কৰাৰ যোগ্যতা অৰ্জন কৰে , গতিকে যদিও অবৈধ ভাবে তথাপিও চল্লিছ বা পন্সাস বছৰ এই ভুখণ্ডত থকাৰ পাছত সেইজনক কোনো ৰাজনৈতিক সমিকৰণৰ উৰ্দ্ধত গৈ আদৰিলোৱাতোহে হয়তো বেছি প্ৰেক্টিকেল কথা হ’ব আজিৰ যুগত ।নতুন প্ৰজন্মই এইবিলাক কথা নতুন ধৰণেৰে চিন্তা কৰিবই লাগিব, এইয়া সময়ৰ আহ্বান আৰু হয়তো এদিন এই বিদেশী সমস্যা নামৰ অভিশাপটোক নতুন প্ৰজন্মই আশিৰ্বাদলৈ ৰুপান্তৰ কৰিবলৈ সক্ষম হ’ব, তাৰ কাৰণ সমূহ বেলেগকৈ আলোচনা কৰিব লাগিব । অবশ্যে এইটো কৰিবলৈ অন্য এক বৃহৎ পৰিকল্পনাৰ আৱশ্যক হ’ব । এতিয়া আহো অন্য এক প্ৰসংগলৈ । আজিৰ দিনটোত অবৈধ বিদেশীৰ সমস্যাটোৰ সামন্তৰালকৈ আন এক জটিল সমস্যাই অসম তথা অসমবাসীৰ আৰ্থ সামাজিক জীৱনত এক অন্যন্য সমস্যাৰ সৃষ্টি কৰি আহিছে আৰু সেইটো হ’ল অসমৰ বন্ধ সংস্কৃতি । এই সংস্কৃতিয়ে অসমৰ অৰ্থনীতিক কোঙা কৰাৰ লগতে অসমীয়া জাতি তথা সমগ্ৰ প্ৰজন্মৰ ওপৰতে এক বিৰুপ প্ৰভাৱ পেলাবলৈ সক্ষম হৈছে । বন্ধ দি প্ৰতিবাদ কৰাটো নিশ্চয় গণতান্ত্ৰিক অধিকাৰ, কিন্ত্ত বাৰে বাৰে যেতিয়াই তেতিয়াই অধিকাৰৰ নামত সমগ্ৰ জাতিটোক/জনতাক বন্ধকত থোৱাটো নিশ্চয় কদাপি সমৰ্থন কৰিব নোৱাৰি । আজি কিছুদিন আগতে উজনি অসমৰ ব্যৱসায়ী বন্ধু এজনৰ লগত কথা পাতোতে তেখেতৰ ব্যৱসায়ৰ কথা সোধাত বৰ অসহায়ভাবেৰে ক’লে বন্ধই তেঁওৰ ব্যৱসায়ত কিমান অপপ্ৰভাৱ পেলাইছে,আনকি তেখেতে তেখেতৰ ব্যৱসায় অসমৰ বাহিৰলৈ নিয়াৰ কথা চিন্তা কৰি আছে । এইবোৰ ব্যক্তিগত অসুবিধাক বাদ দিও দেখা যায় প্ৰায় বিগত তিনিটা দশকত বন্ধৰ নামত অসমৰ কিমান লোকচান হ’ল ।তথ্য মতে বিগত তিনিটা দশকত অসমত বছৰি নুন্যতম গড়ে ৩৪ টাকৈ অসম বন্ধ,নামনি/ উজনি অসম বন্ধ , জিলা বন্ধ বা তেনেধৰণৰ বন্ধ যাপন হৈ আহিছে। প্ৰত্যেকটো বন্ধত প্ৰতিদিনে তথ্য মতে চৰকাৰৰ কোষাগাৰৰ লোকচান প্ৰায় ৫০ কোটি টকা হয় । সেই হিচাবত বিগত তিনিটা দশকত অসমে কিমান হেৰুৱালে তাৰ হিচাপ এই সংগঠনবোৰে ৰাখিছেনে ।আন এটা তথ্য মতে বিগত ২০১২ -১৩ বছৰটোত কেৱল অইল ইণ্ডিয়া লিমিটেডৰে বন্ধ বা আন তেনেধৰণৰ প্ৰতিবাদী কাৰ্য্যকলাপৰ ফলত প্ৰায় ২০০ কোটি টকাৰ লোকচান হ’ল। আৰু সকলোতকৈ ডাঙৰ কথা আমাৰ সমাজৰ দৈনিক খাটি খোৱা জনগনৰ দুৰবস্তাৰ কথা চিন্তা কৰিবলৈ এই সকলৰ সময়ো নাই । এতিয়া কথা হ’ল কেৱল বন্ধকে কিয় গণতান্ত্ৰিক অধিকাৰৰ নামত প্ৰতিবাদৰ একমাত্ৰ আহিলা হিচাপে লয় এই সংগঠনবোৰে ? সকলোতকৈ ডাঙৰ কথাটো হৈছে জনসাধাৰণে বহু সময়ত গমেই নাপায় এই সংগঠন বোৰৰ অস্তিত্ব বা সংগঠনবোৰৰ উদেশ্য । কেৱল সস্তিয়া জনপ্ৰিয়তাৰ খাতিৰত এই সংগঠন বোৰে বাৰে বাৰে জনগনক বন্ধকত ৰখাৰ অধিকাৰ কেৱল গনতন্ত্ৰৰ নামত দিব পাৰিনে ? এই সংগঠনবিলাকে অন্যান্য বিকল্প গণতান্ত্ৰিক প্ৰতিবাদী কাৰ্য্যসূচী হাতত নলয় কিয় ? হয়তো এই সংগঠবোৰৰ গনভিত্তিৰ আচল স্বৰুপ ওলাই যোৱাৰ ভয়ত তেওলোকে অন্য কাৰ্য্যসূচী ল’বলৈ সাহস নকৰে। যদি বন্ধই সমস্যাৰ সমাধান কৰিলেহেতেন যোৱা তিনিটা দশকৰ এহাজাৰটাৰো ওপৰৰ বন্ধই অসমখনক জগতত জাকত জিলিকা কৰি তুলিব লাগিছিল, কিন্ত্ত তাৰ বিপৰীতে অসমখনৰ অৱস্থা দিনক দিনে বেয়াৰ ফালেহে গতি কৰিব লাগিছে ।এই খিনিতে নিজৰ এটা সৰু অনুভৱৰ কথা ক’ব বিচাৰিছো । কৰ্ম্মৰ খাতিৰত মই দক্ষিণ আফ্ৰিকাতেই থাকো আজি কে’বাবছৰৰ পৰা। জাতিৰ পিতা নেলচন মেণ্ডেলাৰ যোৱা পাঁচ ডিচেম্বৰ তাৰিখে মৃত্যু হয় । মেণ্ডেলাক এইখন দেশত সম্ভৱ ভগৱানৰ লগতেই তুলনা কৰা হয় । মেণ্ডেলাৰ মৃত্যুৰ পৰা অন্তিম সৎকাৰৰ দিনটোলৈ ১০ দিন ৰাষ্ট্ৰিয় মৰ্য্যদাৰে সকলোৰে দৰ্শনৰ বাবেও ৰখা হ’ল । কিন্ত্ত আচৰিত ভাবে এটা কথা মন কৰিলো, এই দহ দিনত সমগ্ৰ দেশৰ লাখ লাখ কোটি কোটি মানুহে মেণ্ডেলাক শ্ৰদ্ধা জ্ঞাপন কৰিলে, কিন্ত্ত দক্ষিণ আফ্ৰিকাৰ সকলো কাম কাজ নিয়মীয়াৰুপেই চলি থাকিল । কোনো এটা দিনেই বন্ধ ঘোষনা কৰা নহ’ল। মানুহে ৰাষ্টাই ঘাটে, বজাৰে সমাৰে সকলোতে মেণ্ডেলাৰ ৰাখি থোৱা ফটোত ফুল দি অথবা মম জ্বলাই এখন্তেক শ্ৰদ্ধা জনালে, কিন্ত্ত দক্ষিণ আফ্ৰিকা স্তব্ধ হৈ নগ’ল । বন্ধ দেশৰ পৰা অহা মানুহ বুলি এনেধৰণৰ কাৰ্য্য আমাৰ প্ৰথমে একেবাৰে সহ্য হোৱা নাছিল, মনে মনে ভাবিছিলো বন্ধই যদি দিয়া নাই কিহৰ সন্মান আকৌ দিয়া হ’ল ? পিছত লাহে লাহে অনুভৱ কৰিলো যিজন মানুহে এইখন দেশ আৰু এই জাতিক আগুৱাই নিবলৈ গোটেই জীৱনটো উচৰ্গা কৰিলে সেই মানুহজনৰ মৃত্যুত হয়তো দেশখন স্তব্ধ হৈ গ’লে সেই মহামানৱ জনকে জানো অপমান কৰা নহ’ব। এনে বোৰ কথাই জানো আমাক অনুপ্ৰানিত কৰিব নোৱাৰে ? আমিও জানো এই এই নৱবৰ্ষৰ প্ৰাকক্ষনত বন্ধবিহীন দেশ তথা জাতি এটা উপহাৰ দিয়াৰ এক সংকল্প লব নোৱাৰো ।

নদী-বান্ধঃ বাস্তৱ বনাম ৰাজনীতি

নদী-বান্ধঃ বাস্তৱ বনাম ৰাজনীতি অগ্নিভ দত্ত ভাৰতীয় সভ্যতা সংস্কৃতিত নৈৰ গুৰুত্ব অসীম । এই নৈৰ বুকুতেই লালিত পালিত হৈ আমাৰ সভ্যতাই বিশ্ব দৰবাৰত উজ্জ্বলি উঠিবলৈ সক্ষম হৈছিল। এই নৈবোৰৰ পাৰৰ পৰাই আধুনিক সমাজ একোখনে জন্ম লাভ কৰিছিল। সেইকাৰণেই এই নৈ সমূহ আমাৰ সভ্যতাৰ তথা আধুনিক সমাজ এখনৰ অভিন্ন অংগ । কিন্ত্ত সমাজৰ বিৱৰ্ত্তনৰ লগে লগে নৈ-পৰীয়া জীৱনে নৈৰ সীমাবদ্ধতা ভাঙি গঢ়ি তুলিলে ধৰিত্ৰীৰ বুকুত অসংখ্য নগৰ চহৰ । সলনি হ’ল মানুহৰ জীৱনশৈলী । আধুনিক জীৱনৰ গতিশীলতাৰ বাবে লাগতিয়াল হৈ পৰিল বিভিন্ন উপাদান। তাৰেই এটা হ’ল বিদ্যুৎ , এই বিদ্যুতেই হৈ পৰিল আধুনিক জীৱনৰ চালিকা শক্তি । কিন্ত্ত এই বিদ্যুৎ শক্তি উৎপাদনৰ বাবে লাগিল কিছুমান উৎস । এই বিদ্যুৎ শক্তি উৎপাদনৰ উৎস সমুহ হ’ল- গেছ বা কয়লা ( ফছিল জাতীয় ইন্ধনৰ পৰা ), নিউক্লিয়াৰ নতুবা অন্য প্ৰাকৃতিক উৎস যেনে সলাৰ বা সূৰ্য্যৰ পোহৰ বা সৌৰ শক্তি, বতাহ আদি । তাৰোপৰি এই বিদ্যুৎ উৎপাদন কৰিব পাৰি আমাৰ নৈ অথবা জলাধাৰা সমূহৰ পৰা । দেশ এখনৰ মানদণ্ড নিৰ্ভৰ কৰে বিদ্যুৎ শক্তি উৎপাদনৰ যোগেদি । দেশৰ প্ৰগতিৰ মাপ কাঠি হয় এই অতি আৱশ্যকীয় বিদ্যুৎ উৎপাদন। ভাৰতবৰ্ষৰ মুঠ জনসংখ্যা প্ৰায় ১২৫ কোটি। এই ১২৫ কোটি মানুহৰ বিপৰীতে আমাৰ দেশত বিদ্যুৎ উৎপাদন হয় প্ৰায় ২.৩ লাখ মেগাৱাট। আৰু বিদ্যুৎ উৎপাদনত আমাৰ দেশৰ স্থান বিশ্বৰ ভিতৰতে তৃতীয় । তাৰ তুলনাত ৪০ কোটি মানুহে বসবাস কৰা আমেৰিকাৰ বিদ্যুৎ উৎপাদন প্ৰায় ১১ লাখ মেগাৱাট আৰু ১৩০ কোটি মানুহৰ বিপৰীতে চীন দেশে উৎপাদন কৰে প্ৰায় ১৩ লাখ মেগাৱাট বিদ্যুৎ । এতিয়া আহো এই বিদ্যুৎ উৎপাদনৰ উৎস সমূহৰ কথালৈ,চীন দেশে প্ৰায় ৯ লাখ বিদ্যুৎ উৎপাদন কৰে কয়লা বা গেছ জাতীয় উৎসৰ যোগেদি ।আৰু প্ৰায় ৩ লাখ মেগাৱাট বিদ্যুৎ উৎপাদন কৰে হাইদ্ৰ পাৱাৰ বা নৈ –জলাধাৰ আদিৰ যোগেদি । সেইদৰে আমেৰিকাৰ বিদ্যুৎ উৎপাদন কৰে মুলত কয়লা বা গেছ জাতীয় উৎসৰ যোগেদি আৰু উৎপাদন হয় প্ৰায় ৭.৫ লাখ মেগাৱাট আৰু নিউক্লেয়ৰ উৎসৰ পৰা প্ৰায় ১ লাখ মেগাৱাট । হাইড্ৰ' প্ৰজেক্টৰ পৰা উৎপাদিত হয় প্ৰায় ৮০ হেজাৰ মেগাৱাট বিদ্যুৎ । তাৰ তুলনাত ভাৰতৰ বিলদ্যুৎ উৎপাদনৰ মুল উৎস সমুহ হ’ল- কয়লা বা গেছ জাতীয় ইন্ধনৰ পৰা প্ৰায় ১.৫ লাখ মেগাৱাট, নিউক্লিয়াৰ প্ৰজেক্টৰ পৰা ৬ হাজাৰ মেগাৱাট আৰু জলবিদ্যুৎ প্ৰকল্পৰ পৰা প্ৰায় ৪০ হাজাৰ মেগাৱাট বিদ্যুৎ উৎপাদন হয়। কিন্ত্ত আমাক চীন বা আমেৰিকা আদি দেশৰ লগত ফেৰ মাৰিব পৰা হ’বলৈ হ’লে বিদ্যুৎ উৎপাদন খৰতকীয়াকৈ বঢ়াব লাগিব । এতিয়া কথা হ’ল বিদ্যুৎ উৎপাদন কৰিবলৈ হ’লে উৎপাদনৰ উৎসও থাকিব লাগিব পৰ্য্যাপ্ত পৰিমানে আৰু উৎপাদনৰ ব্যয় যিমান পাৰি সিমান কম কৰিব পাৰিলে ভাল হয়, বিশেষকৈ আমাৰ দৰে দুখীয়া দেশ এখনত। মূলত কয়লাই আমাৰ দেশৰ প্ৰধান ইন্ধন বিদ্যুৎ উৎপাদনৰ, কিন্ত্ত তাত আকৌ অসুবিধা কেইবাটাও । ভাৰতত লগাতকৈ কম উৎপাদন হয় কয়লা আৰু প্ৰাকৃতিক গেছ । বিভিন্ন ৰঙা ফিটাৰ মেৰ পেছত সোমাই ক’ল ইণ্ডিয়া নামৰ ৰাজহুৱা খণ্ডৰ কয়লা উৎপাদনকাৰী সংস্থাটোৱেও লগা ধৰণে কয়লা উৎপাদন কৰাত ব্যৰ্থ হৈছে। প্ৰাকৃতিক গেছৰ ক্ষেত্ৰটো একেই হৈছে, ৰিলায়েন্স নামৰ ব্যক্তিগত খণ্ডৰ উদ্যোগটোৱেও উৎপাদন সামৰ্থ অনুযায়ী কৰাত ব্যৰ্থ হৈছে বিভিন্ন কাৰণত। ইফালে উৎপাদিত গেছৰ মূল্য বৃদ্ধিৰ আবেদন জনায় আছে প্ৰাকৃতিক গেছ উৎপাদনকাৰী কোম্পানি কেইটাই। যদি চৰকাৰে গেছৰ মূল্য বৃদ্ধিত সন্মতি দিয়ে গেছক ইন্ধন হিচাবে লোৱা বিদ্যুৎ উৎপাদনৰ খৰছ যে বাঢ়িব সেইটো খাটাং ।এইবোৰ সমস্যাৰ ওপৰিও আমাৰ দেশত উৎপাদিত কয়লাৰ গুনগত মানও বৰ ভাল নহয় ।আমাৰ ইয়াৰ কয়লাৰ কেলৰিফিক ভেল্লু যথেষ্ঠ কম বিশ্বৰ আন ঠাইৰ উৎপাদিত কয়লাৰ তুলনাত। সেই কাৰণে বিদ্যুৎ উৎপাদনত লগা কয়লাৰ পৰিমানও বাঢ়ি যায়। তাতোতকৈ ডাঙৰ কথাটো হৈছে আমাৰ দেশৰ কয়লাত ছাইৰ (Ash)ৰ পৰিমান বৰ বেছি আৰু সেইকাৰণে আমাৰ দেশৰ কয়লাৰ পৰা পৰিবেশ প্ৰদূষণো বেছি হয় । মুঠৰ ওপৰত কয়লাৰ পৰা উৎপাদিত বিদ্যুৎৰ চিত্ৰখন বৰ সুবিধাজনক নহয় । বৰ্ত্তমান নিউক্লিয়াৰ (পাৰমানৱিক) বিদ্যুৎ প্ৰকল্পৰ পৰিমানও যথেষ্ঠ কম আৰু সেইবোৰ প্ৰকল্পৰ প্ৰাথমিক নিৰ্মাণ কাৰ্য্যত খৰছৰ পৰিমান অতি বেছি লগতে জাপানৰ ফুৰছিমাত হোৱা দুৰ্ঘটনাৰ পাছত বিভিন্ন সংগঠনে লোৱা প্ৰতিবাদী কাৰ্য্যইও এই নিক্লিয়াৰ প্ৰজেক্ট বিলাকত বিধি পথালি লগাইছে। সেইদৰে সৌৰ শক্তি প্ৰকল্প বিলাকেও অনাগত দিন বোৰত এক গুৰুত্বপুৰ্ন ভুমিকা ল’ব সেইটো খাটাং । সম্পূৰ্ণ প্ৰদূষণ-মুক্ত এই প্ৰকল্প বিলাক আৰু সৌৰ শক্তিৰ সহায়ত বিদ্যুৎ উৎপাদন কৰিব পৰা যায়। সৌৰ শক্তিৰে চলা বিদ্যুৎ আহৰণৰ প্ৰযুক্তি বৰ উন্নত মানৰ হয় আৰু এই প্ৰযুক্তিত পাৰম্ভিক খৰছ বৰ বেছি লগতে উৎপাদন খৰছও বৰ বেছি। যদি তুলনা কৰা যায় সৌৰ শক্তিৰে উৎপাদিত বিজুলী শক্তিৰ দাম হয়তো প্ৰতি ইউনিটত প্ৰায় তিনি গুণমান বা তাতোতকৈও বেছি হব আন উৎসৰ পৰা উৎপাদিত বিজুলী শক্তিৰ তুলনাত । তাৰোপৰি ভৌগলিক দিশৰ পৰা ভাৰতৰ কেইখনমান ঠাইহে ব্যৱসায়িক ভাৱে সৌৰশক্তিৰ উৎপাদন কেন্দ্ৰৰ প্ৰকল্পৰ বাবে উপযুক্ত। আৰু এই প্ৰযুক্তি এতিয়াও আৰু উন্নত হোৱাৰ থল আছে। তাৰমানে হ’ল আমাৰ দেশত শক্তি আহৰণৰ উৎস কিছুপৰিমানে সীমিত অথচ আমি ফেৰ মাৰিব লাগে চীন আৰু আমেৰিকাৰ দৰে মহাশক্তিৰ লগত । চৰকাৰে হিচাব কৰি দেখিলে যে দেশখনৰ জলসম্পদ সমূহৰ পৰা ইচ্ছা কৰিলে প্ৰায় ১ লাখ মেগাৱাট পৰিমানৰ বিদ্যুৎ উৎপাদন কৰিব পৰা যায় । এই জলাধাৰ সমূহৰ আকৌ বেছি ভাগেই আমাৰ উত্তৰ পুৰ্ব্বাচলত অৱস্থিত । এফালে প্ৰচুৰ সম্ভাৱনাৰ এই অঞ্চল বিলাক আনফালে এই প্ৰকল্প বিলাকৰ পৰা হব পৰা ক্ষয় ক্ষতিৰ চিন্তাৰ মাজত এই প্ৰকল্প বিলাকৰ ভৱিষ্যত । এই প্ৰকল্পবোৰত কিছুমান বান্ধ বনাব লাগিব আৰু অসুবিধাটো হৈছে তাতেই । বান্ধ হোৱা মানেই বান্ধ হ’ব লগা ঠাইৰ পৰা হয়তো উচ্ছেদ হ’ব সেই ঠাই খনত যুগ যুগ ধৰি বসবাস কৰি অহা এক বৃহৎ সংখ্যক বাসিন্দা। তাৰোপৰি হয়তো পৰিবেশৰ ওপৰতো বিভিন্ন ধৰনে বিৰুপ প্ৰভাব পেলাব । কিন্ত্ত সেই বুলিয়েই জানো পৃথিৱীৰ অনান্য ঠাইত বান্ধ বনোৱা নাই । অকল আমেৰিকাতে সৰু বৰ আদি কৰি বিভিন্ন প্ৰকাৰৰ প্ৰায় ৫০০০০ ৰৰো ওপৰৰ বান্ধ আছে । আনকি ৫০ টাৰো বেছি বৃহৎ বান্ধ পৃথিৱীৰ বিভিন্ন ঠাইত বৰ্ত্তমান উপলব্ধ তাৰোপৰি আন প্ৰায় ৩০ টাৰো ওপৰৰ বৃহৎ বান্ধ নিৰ্মিয়মান অৱস্থাত আছে পৃথিৱীৰ বিভিন্ন প্ৰান্তত। তাৰোপৰি উল্লেখযোগ্য কথাটো হ’ল নতুনকৈ নিৰ্মাণ কাৰ্য্য চলি থকা বান্ধবোৰৰ আকৌবেছি ভাগেই হ’ল চীন দেশৰ । এইটো নোহোৱা নহয় যে এনেকুৱা বান্ধ বোৰৰ পৰা বিপদৰ আশংকা নথকা নহয়, কিন্ত্ত বিজ্ঞান তথা প্ৰযুক্তিৰ অগ্ৰগতিৰ লগে লগে সাম্ভাব্য বিপদৰ আশংকা সমূহক নিৰ্মূল কৰাৰ প্ৰযুক্তিও প্ৰয়োগ কৰা হয় । নদীবান্ধ এটা হ’ব লগা ঠাই দোখৰৰ পুংখানোপূংখ ভাৱে পৰীক্ষা কৰা হয় তাৰোপৰি বান্ধটো কেনেকুৱা হোৱা উচিত কিমান পানী ধৰি থোৱাৰ ক্ষমতা হ’ব কেনেকৈ ধৰি থোৱা হব, ভুমিকম্প হ’লে কেনেকুৱা প্ৰভাৱ পৰিব আদিকে ধৰি সকলো কথাই বৈজ্ঞানিক পদ্ধতিৰে বিভিন্ন ধৰণেৰে পৰীক্ষা কৰি চোৱা হয় তাৰ পাচতহে নিৰ্ম্মাণ কাৰ্য্যৰ অনুমতি দিয়া হয়। এইবোৰ কৰোতে আকৌ আন্তৰ্জাতিক মান নিৰুপিত পদ্ধতিহে প্ৰয়োগ কৰা হয় । গতিকে সকলো চালি যাৰি চোৱাৰ পাছত দেখা যায় নিৰ্ম্মাণ হ’ব লগা যিকোনো বান্ধেই যথেষ্ট পৰিমানে নিৰাপদ বুলিয়েই কব পাৰি । বান্ধতো যেনিবা হ’লেই সুৰক্ষিত, কিন্ত্ত বান্ধটো হোৱাৰ লগে লগে বান্ধটো ধৰি ৰাখিব লগা পানী খিনিৰ পৰা জলাধাৰটোৰ জৈৱ বিচিত্ৰ্যৰ ওপৰত কেনে প্ৰভাৱ পৰিব ? সেইটোও অতি গভীৰ ভাৱে চাব লগা বিষয়। কিন্ত্ত গোটেই বিলাক কাম বৈজ্ঞানিক ভিত্তিত কৰিব পৰা যায় । কিন্ত্ত কেৱল ৰাজনৈতিক পাকচক্ৰত আচল কথা বিলাকত গুৰুত্ব নিদি ৰাজনৈতিক লাভা-লাভৰ চিন্তাত থাকিলে আমাৰ দৰে দুখীয়া দেশ এখনৰ উন্নতি কেনেকৈ হ’ব। ব্যক্তিগত ভাৱে এজন কাৰিকৰী লোক হিচাবে দেখো আমি কৰা প্ৰত্যেকটো কামৰেই বিশেষভাৱে পৰীক্ষা নিৰীক্ষা কৰি চোৱাৰ পাছতহে সেইটো প্ৰৱৰ্ত্তনেই কঁওক নিৰ্মাণেই কঁওক কৰিবলৈ আগবঢ়া হ’য় । তেলশোধনাগাৰেই কঁওক বা আন পেট্ৰ'কেমিকেল উদ্যোগবোৰ কাৰ্য্যগতভাবে একো একোটা বোমা সদৃশ বস্তু কিন্ত্ত এইবোৰ নিৰ্মাণ কৰাৰ আগতে ডিজাইনৰ পৰা আৰম্ভ কৰি নিৰ্মাণ কাৰ্য্যলৈ কেবাটাও ভাগত পুংখানুপুংখ ভাৱে চোৱাৰ পাছতহে তাক উৎপাদনৰ কাৰণে ব্যৱহাৰ কৰা হয় । সেইকাৰণেই এইবোৰ প্ৰকল্পৰ পৰা হ’ব পৰা বিপদৰ সম্ভাৱনা একেবাৰে কম। তেনেকৈয়ে এই বান্ধ আদিকে ধৰি জলবিদ্যুৎ প্ৰকল্প বিলাকৰো বিভিন্ন প্ৰকাৰেৰে অনুসন্ধান পৰীক্ষা নিৰিক্ষা চলাইহে প্ৰকল্প এটা বনাবলৈ সেউজ সংকেত দিয়া হয়। কিন্ত্ত বিগত কেইবা বছৰত আমি যি দেখিছো সেইয়া দেশ খনৰ আৰু বিশেষকৈ আমাৰ দৰে অনুন্নত ৰাজ্য এখনৰ কাৰণে একেবাৰেই ভালখবৰ নহয়।বৃহৎ বান্ধটো হব লাগে নে নেলাগে সেইটোত হয়তো ৰাইজৰ ভাল বেয়া হোৱাৰ চিন্তাতকৈও ৰাজনৈতিক ভাৱে কাৰ কিমান লাভা লাভ হব তাৰে অংক বেছি কৰা হয়। তাৰ এটা সৰু উদাহৰন- আমাৰ অসমত আজি কেবা বছৰ ধৰি বিদ্যুৎ সংকতে ৰাইজক বাৰুকৈয়ে জুৰুলা কৰি ৰাখিছে । চাহিদাতকৈ উৎপাদনৰ পৰিমান কম । তাকেলৈ দল সংগঠনৰ লগতে দেশৰ প্ৰধান ৰাজনৈতিক দল বি জে পিৰও ওজৰ আপত্তিৰ অন্ত নাই । চৰকাৰেও বিশেষ সৰু-সুৰা ইটো সিটোৰ লগতে সোৱনশিৰী প্ৰকল্প শেষ হলে চাহিদা অনুযায়ী বিদ্যুৎ পোৱা যাব বুলি শান্তনা লভাতেই নিজৰ দায়িত্ব শেষ বুলি বহি থাকিল। ইফালে সেই বি জে পি দলটোৱেই আকৌ বান্ধ বিৰোধী অৱস্থান গ্ৰহণ কৰি চৰকাৰক বান্ধ নিৰ্মাণত যোৱা কেইবা বছৰ বিধি পথালি দি থাকিল । কিন্ত্ত সেই একেই বি জে পি দলে কেন্দ্ৰত চৰকাৰ গঠনৰ পাছত এই নদীবান্ধৰ কাম আৰম্ভ কৰাৰ ইংগিত দিছে । এতিয়া কথা হল যদি বি জে পিয়ে প্ৰকল্পটো লাগে বুলি এতিয়া অনুভৱ কৰিছে তেনে হলে জানো তেঁওলোকে ইমান দিন এই প্ৰকল্পৰ বিৰোধীতা কৰি সাধাৰণ জনগনক ভুল পথে পৰিচালিত কৰা নাই । লগতে জানো এই প্ৰকল্পৰ উৎপাদন কাৰ্য্যত বিলম্ব ঘটাই ৰাইজক বিদ্যুৎ সংকটৰ পৰা মুক্ত হোৱাত বাধা দি থকা নাই ? এইটো কেৱল এটা সৰু উদাহৰণহে, আৰু এইয়া কেৱল বি জে পি য়েহে কৰে এনে নহয়। এই এনেকুৱা ৰাজনীতি কংগ্ৰেছকে ধৰি সকলোবোৰ ৰাজনৈতিক দলেই কৰি আহিছে । এনেকুৱাবিলাক কথাই হয়তো এই ৰাইজৰ বিশেষ ভাৱে লাভৱান নকৰে , কেৱল লাভৱান কৰিব ক্ষুদ্ৰ ৰাজনৈতিক আশা আকাংক্ষ্যাক এই দল তথা ইয়াৰ নেতা পালি নেতাসমূহৰ। উপকাৰিতা বা অপকাৰিতাৰ সঁচা মান নিৰূপিত হঁওক। দেশ তথা ৰাইজ সঁচা অৰ্থত লাভৱান হঁওক। গতিকে ক্ষুদ্ৰ ৰাজনৈতিক লাভা লাভৰ চিন্তাৰ পৰা বাহিৰলৈ আহি চৰকাৰ আৰু বিৰোধীৰ অৱস্থান গ্ৰহন কৰা দল সংগঠনে দেশৰ কাৰণে ভাল হোৱা কাম কৰাত জোৰ দিব লাগে । আশাকৰো বিৰোধিতা কেৱল ক্ষমতা দখলৰে আহিলা নহওঁক।

অৰবিন্দ কেজৰিৱাল বনাম নৰেন্দ্ৰ মোডি :

অৰবিন্দ কেজৰিৱাল বনাম নৰেন্দ্ৰ মোডি : যোৱা এমাহৰ ভিতৰত দেশৰ ৰাজনৈতিক আৱাহাৱাই হঠাৎ যেন এক আশাৰ সৃষ্টি কৰিবলৈ সক্ষম হৈছে । হঠাৎ এটা নাম সমুহ ভাৰত বাসীৰ মুখে মুখে । কোনোবাই হয়তো সমৰ্থন কৰি, কোনোবাই বিৰোধিতা কৰি তেঁওৰ নাম লৈছে । আৰু সেইজনেই হৈছে অৰবিন্দ কেজৰিৱাল । যোৱা ৬৬ টা বছৰৰ ৰাজনৈতিক স্খলন দেখি দেখি মানুহৰ মন হয়তো এক নতুনত্বৰ সন্ধানত আছে । কংগ্ৰেছৰ দুৰ্নীতি আৰু অপশাসনে ভাৰতবাসীক ভালকৈয়ে জুৰুলা কৰিছে । সেইসময়ত মোডিৰ উত্থানে হয়তো ভাৰতবাসীৰ মাজত এক নতুন উত্তেজনাৰ সৃষ্টি কৰিবলৈ সক্ষম হৈছিল । মানুহে আশা দেখিবলৈ লৈছিল। সদ্য সমাপ্ত ৫ খন ৰাজ্যৰ বিধানসভাৰ নিৰ্বাচনত আনকি তিনি খনকৈ বৃহৎ ৰাজ্যত বি জে পি ক জয়যুক্ত কৰি যেন কংগ্ৰেছক সংসদীয় ৰাজনীতিৰ পৰা এইবাৰ বিদায় দিবলৈ ৰাইজে ককালত টঙালি বান্ধি লৈছিলেই, কিন্ত্ত হঠাৎ সকলোবোৰ ৰাজনৈতিক দলৰ অংকত খেলি মেলি লগাই দিলে অৰবিন্দ কেজৰিৱালৰ নেতৃত্বাধীন আম আদমি পাৰ্টিয়ে । ২০১৪ চনত হ’ব লগা যুদ্ধ খনত কংগ্ৰেছক পাছ পেলাই মোডিৰ নেতৃত্বাধীন বি জে পি ক সম্মুখ সমৰলৈ আহ্বান কৰিলে এই আম আদমি পাৰ্টিয়ে । তথাকথিত ৰাজনৈনিক মহলত হুৱা দুৱা লাগিল । তাৰ প্ৰমাণ হঠাৎ সকলোৱে সমস্বৰে দুৰ্নীতিৰ বিপক্ষে মাত মাতিব লাগিছে । সকলোৱে নি:সস্ব জনতাৰ সমভাগী হ’ব ওলাইছে । যদিও এই যুদ্ধ খনৰ শেষ হাঁহি কোনে মাৰিবগৈ এতিয়াই কোৱা টান তথাপি অৰবিন্দ কেজৰিৱালে যে তথাকথিত ৰাজনৈতিক মহলৰ আগত এক প্ৰ্ত্যাহ্বান ৰাখিবলৈ সক্ষম হ’ল সেইয়া একেবাৰে সঁচা । এই যুদ্ধখনত ৰাহুল গান্ধী আৰু মোডিৰ প্ৰাৰ্থিত্ব নিশ্চয় অৰবিন্দ কেজৰিৱালতকৈ শক্তিশালী কাৰণ দুয়োজনে ভাৰতৰ দুটাকৈ শক্তিশালী দলক প্ৰতিনিধিত্ব কৰে । তেওলোকৰ দলীয় তথা সাংগাঠনিক শক্তিও যথেষ্ট বেছি । তৎস্বত্বেও অৰবিন্দ কেজৰিৱালৰ উত্থানে কিয় এই দল দুটাৰ ভেটি কঁপাই তুলিবলৈ সক্ষম হৈছে ? এই দুয়োটা দলেই আশা কৰা ধৰণে ৰাইজৰ আশা আকাংক্ষ্যাক মৰ্য্যদা দিবলৈ সক্ষম হোৱা নাই । দল দুটাই এতিয়াও ধৰ্ম্ম জাত পাতৰ ৰাজনীতিৰ পৰা নিজক বাহিৰ উলিয়াব পৰা নাই । এই পৰ্য্যন্ত নীতিগত ভাৱে কংগ্ৰেছ আৰু বি জে পি ৰ মৌলিক পাৰ্থক্য বিশেষ জনগনৰ চকুত একো পৰা নাই । দুয়োটা দলতে দুৰ্নীতি আৰু দুৰ্নীতি কৰা মানুহৰ প্ৰয়োভৰ । দুয়োটা দল যেন ইটোৰ সিটো পৰিপূৰকহে, বিকল্প নহয় । এইখিনিতে নেতা হিচাবে মোডি নিশ্চয় কিছু আগবাঢ়ি আছিল এই তথাকথিত দল দুটাৰ নেতৃত্বৰ মাজত । মোডিৰ নেতৃত্বত বিজেপিয়ে কংগ্ৰেছ মুক্ত ভাৰতৰ শ্লোগানেৰে নিজকে এক সুবিধাজনক স্থিতিতো নিশ্চয় উপনিত কৰাবলৈ সক্ষম হৈছিল । মোডিৰ অভাৱনিয় প্ৰশাসনিক দক্ষতাই তেখেতক দুৰ্ব্ব্ল নেতৃত্বৰ ৰাহুল গান্ধীৰ সন্মুখত প্ৰায় অপ্ৰতিদন্দী কৰি তুলিছিল । বিশাল ব্যক্তিত্ব তথা গুজৰাটৰ দৰে এখন ৰাজ্যক সফলতাৰে চাৰিটাকাল প্ৰতিনিধিত্ব কৰা তথা ব্যৱহাৰিক আৰু ব্যৱসায়িক জ্ঞানেৰে পুষ্ট মোডিৰ তুলনাত ৰাহুল গান্ধীৰ আদৰ্শৰ কোনো সচ্চতা এতিয়ালৈ সাধাৰণ জনতা তথা কৰপৰেট জগতৰও একো চকুত পৰা নাই । মুঠতে ৰাহুল গান্ধী সৰ্ন্দভত কাৰো মতামত একেবাৰে উৎসাহ জনক নহয় । তেনেকুৱা এই সন্ধিক্ষণতে অৰবিন্দ কেজৰিৱালৰ উত্থানে যেন সমগ্ৰ ৰাজনৈতিক অংকতে খেলিমেলি লগাই দিবলৈ সক্ষম হ’ল । ব্যক্তিত্বৰ ফালৰ পৰা দুয়োজনে সম্পূৰ্ণ বিপৰীত মেৰুত অৱস্থান কৰে । দুয়োজনৰ ৰাজনৈতিক ব্ৰেণ্ড তথা দৰ্শন কিন্ত্ত সম্পূৰ্ণ স্বচ্চ । আৰু দুয়োজনৰে জনপ্ৰিয়তা বিশেষকৈ শিক্ষিত, নিম্ন মধ্যবিত্তিয় তথা চহৰাঞ্চলত যথেষ্ট । কংগ্ৰেছৰ অপশাসন , দুৰ্নীতিত দগ্ধ এই খিনি মানুহ এই দুয়োজন নেতাৰ মাজতে ত্ৰাণ কৰ্ত্তাৰ ৰুপ বিচাৰি পাইছে । কিন্ত্ত তাৰ ফলত এইখিনি মানুহৰ মাজত ভোটবিভাজন হোৱাৰ সম্পূৰ্ণ সম্ভাৱনা আহি পৰিছে । কিন্ত্ত যদিহে অৰবিন্দ কেজৰিৱালৰ নেতৃত্বাধীন দিল্লী চৰকাৰে আগন্ত্তক দুমাহ বা তিনিমাহৰ ভিতৰত কিছুপৰিমাণৰ চমৎকাৰ কৰি দেখুৱাবলে সক্ষম হয় তেতিয়া হ’লে হয়তো এই ভোটাৰ খিনৰ এক মোটা সংখ্যক অৰবিন্দ কেজৰিৱালৰ কেম্পলৈ যোৱাৰ সম্পূৰ্ণ সম্ভাৱনা আছে , হয়তো এই সম্ভাৱনা অনুমান কৰি ইতিমধ্যে মোডি অনুৰাগীয়ে অৰবিন্দ কেজৰিৱালক অনভিগ্য আক্ষ্যাদি স্ংকটমুক্ত হ’ব বিচাৰিছে । অৰবিন্দ কেজৰিৱালৰ অনভিগ্যতা স্বত্তেও কিন্ত্ত এই মূহুৰ্ত্তত তেখেত মোডিতকৈ কিছু ক্ষেত্ৰত আগবাঢ়ি গৈছে । অৰবিন্দ কেজৰিৱালৰ এই জনপ্ৰিয়তাৰ কাৰণ কেবাটাও । অৰবিন্দ কেজৰিৱাল মুলত ৰাজনৈতিক নেতাতকৈ সমাজহৈতিসি নেতা হিচাপেহে নিজক প্ৰতিপন্ন কৰিবলৈ সক্ষম হৈছে । তাৰোপৰি এতিয়াও নৈতিকতাক গুৰুত্ব দিয়া একাংশ বুদ্ধিজীৱি মহলৰ পৰা নৈতিক সমৰ্থনেও অৰবিন্দ কেজৰিৱালক শক্তিশালী অৱস্থানত ৰাখিবলৈ সক্ষম হৈছে । অৰবিন্দ কেজৰিৱালৰ আদৰ্শই ধৰ্ম্ম- জাত পাতৰ উৰ্দ্ধত অৱস্থান কৰিছে, সেইটোৱে তেখেতক সমাজৰ উদাৰ মনোভাপন্ন মানুহৰ বিশেষকৈ যুৱ চামৰ কাষ চপাই নিবলৈ সক্ষম হৈছে । তাৰোপৰি অৰবিন্দ কেজৰিৱালৰ নেতৃত্বাধীন দলটোৱে এই পৰ্য্ন্ত এক নিকা চৰিত্ৰ বহন কৰিবলৈ সক্ষম হৈছে। আৰু এই স্বচ্চতাই হয়তো দেশ বিদেশৰ বিভিন্ন ভাৰতীয়ক তেখেতৰ দলটোৰ কাষ চপাই নিব্ পাৰিছে । ইতিমধ্যে দৈনিক লাখে লাখে সাধাৰণ মানুহৰ লগতে আনকি কৰপৰেট জগতৰও বিভিন্ন মুধাফুটা লোকো এই দলটোৰ প্ৰতিআকৰ্ষিত হৈছে নতুবা যোগদানও কৰিছে এক নতুন ভাৰত গঢ়াৰ স্ংকল্পলৈ । আৰু এই সময় মোডি নেতৃত্বাধীন দল টোৱে য়েডুৰাপ্পাৰ নিচিনা দুৰ্নীতিৰ অভিযোগ থকা ব্যক্তিক আদৰিলৈ যেন জনগণ মাজলৈ এটা ভুল সংকেট প্ৰেৰণ কৰিছে । যদিও আদালতে দুৰ্নীতিৰ অভিযোগৰ পৰা মুক্তি দিছে কিন্ত্ত জনগণই হয়তো এনেকুৱা ব্যক্তিৰ অৰ্ন্তভুক্তিক বৰ সহজ ভাবে নলব। হয়তো বি জে পি বা আন তথাকথিত দলবোৰে জনগণৰ আশা আকাংক্ষ্যাক এতিয়াও অনুধাৱন কৰিবলৈ সক্ষম হোৱা নাই । সকলোতকৈ ডাঙৰ কথাটো হৈছে মোডি আৰু অৰবিন্দ কেজৰিৱাল দুয়ো জনৰে উত্থান যদিও কংগ্ৰেছৰ অপশাসনৰ কাৰণেই হৈছিল কিন্ত্ত অৰবিন্দ কেজৰিৱালৰ শেহতীয়া উত্থানে যেন গোটেই ভাৰতীয় ৰাজনৈতিক ক্ষেত্ৰখন্ত এক ধনাত্মক আশাৰ সন্সাৰ কৰিবলৈ সক্ষম হ’ল ।যদিহে এই আশাত চেচাপানী নপৰে আৰু দলটোৰ নিকা স্বচ্চ চৰিত্ৰ বজাই ৰাখিবলৈ সক্ষম হয় তেন্তে ইয়াৰ প্ৰভাৱ ভাৰতৰ ৰাজনীতিৰ বাবে সুদুৰ প্ৰসাৰী হ’ব। যদিহে আগুন্ত্তক লোকসভা নিৰ্বাচনত অৰবিন্দ কেজৰিৱাল নেতৃত্বাধীন দলটোৱে ২০ ৰ পৰা ৩০ খন আসন জিকিবলৈ সক্ষম হয় মোডিৰ যে প্ৰধান মন্ত্ৰীত্বৰ দৌৰত একসাংঘাটিক জটিলতাৰ সৃষ্টি হব সেইটো খাটং । যদিও অৰবিন্দ কেজৰিৱালৰ দলটো এতিয়ালৈ ৰাজনৈতিক পৰীক্ষাত নিজক সম্পূৰ্ণ ৰুপে প্ৰমানিত কৰিবলৈ বাকী আছে ।সকলোৱে জানে যে ৰাতিটোৰ ভিতৰতে বা এবছৰ- দুবছৰৰ ভিতৰতে নিশ্চয় আমাৰ সমাজ খন, দেশ খন সলনি হৈ নাযায়, কিন্ত্ত হয়তো সকলোৱে আশাকৰে সলনি হঁওক আমাৰ স্খলিত সমাজ তথা দেশৰ ৰাজনৈতিক ব্যবস্থা , সেই কাৰণেই হয়তো তেখেতৰ নেতৃত্বাধীন দলটোৱে সৰ্ব্বত্ত এক আশাৰ বতৰা কঢ়িয়াই আনিবলৈ সক্ষম হৈছে । আশাকৰো ভাৰতীয় ৰাজনীতিৰ এই সন্ধিক্ষন হৈ পৰক এক যুগজয়ী ক্ষণ । আৰম্ভ হঁওক এক নতুন ৰাজনীতিৰ যুগ এক নিকা ৰাজনীতিৰ যুগ ।

Saturday 28 December 2013

পৰেশ বৰুৱা ককাইদেউলৈ মনৰ বতৰা

পৰেশ ককাইদেউ, পোনতে আপোনালৈ শ্ৰদ্ধা যাঁচিলো। আশাকৰো আপোনাৰ কুশল মংগল ।চাঁওতে চাঁওতে আৰু এটা বছৰ প্ৰায় শেষেই হ’লহি । এই সুযোগতে আপোনালৈ আগন্ত্তক নৱবৰ্শ উপলক্ষ্যে শুভেচ্ছা জ্ঞাপন কৰিলো । এই খিনিতে আপোনাক এটা কথা কৈ থও। ককাইদেউ বুলি সম্বোধন ধৰাৰ কাৰণে বেয়া নাপায় যেন । ব্যক্তিগত ভাবে আপোনাৰ লগত মোৰ একো চা চিনাকি নাই যদিও লৰালি কালৰ পৰা আপোনাৰ নাম শুনি শুনি হয়তো কিবা বৰ আপোন আপোন লাগে আৰু সেই কাৰণেই আপোনাক ককাইদেউ বুলি সম্বোধন কৰিলো । ককাইদেউ, আজি এই চিঠি খন আপোনালৈ লিখাৰ উদেশ্য কেবাটাও। আজি বহুবছৰ ধৰি মনৰ ভিতৰতে লাগি থকা খু দুৱনি কিছু মানৰ কাৰণেহে এই পত্ৰ আপোনালৈ লিখিলো। কিবা বুজি পোৱা নোপোৱা দিনতে হয়তো আপোনাৰ তথা আপোনাৰ সংগঠনৰ নাম প্ৰথম বাৰৰ বাবে শুনিছিলো । কিবা কাল ক্ৰমে আমাৰ ঘৰ খনৰ লগত লেনিন, মাক্স, মাও, গুৱেভাৰাৰ চিনাকী মোৰ জন্ম লগ্নৰে পৰা। সৰুতেই এই বীৰ সকলৰ কথা সাধু কথাৰ নিচিনাকৈ শুনাৰ সোভাগ্য হৈছিল । এনেকুৱা কিবা এটা সন্ধিক্ষণত আপোনালোকৰ সংগঠনৰ জন্ম তথা উত্থানৰ কাহিনী শুনি হয়তো সেইসময়ত আপোনালোকৰ মাজত একো একো জন লেনিন, মাক্স, মাও, গুৱেভাৰাক কল্পনা কৰিব ধৰিলো । সমাজবাদ- সাম্যবাদ সেইবোৰ ভালদৰে বুজিব পৰা হোৱা নাছিলো যদিও মনে মনে কল্পনা কৰিব ধৰিছিলো আমাৰ দৰেই যেন বিষ্ণু, নন্দনহঁতৰো যাতে নিজৰ এটা ঘৰ হয় ,আমাৰ দৰেই যাতে সিঁহতি সদায় স্কুল আহিব পাৰে । কিন্ত্ত সেই সপোন দেখো আজিও কেৱল সপোন হৈয়ে থাকিল ।আজিও মোৰ বোধগম্য ন’হল কিনো ধৰণৰ সমাজবাদৰ কথা কয় আপোনালোকে। কেনেকুৱানো সমাজ এখন পাম আমি তাৰ কাল্পনিক হলেঁও ৰুপ এটা কেতিয়া কেনেকৈনো দেখিম তাৰো কোনো উত্তৰ আজিও আপোনালোকে নিদিলে আমাৰ দৰে সহস্ৰজনক ।আৰু যে কেতিয়াবা দিব পাৰিব তাৰো একো এটা আশা আজিলৈ নাই দেখা । ককাইদেউ, আপোনাৰ তথা আপোনাৰ সংগঠনৰ আমাৰ অসম তথা অসমবাসী ৰাইজলৈ যি সামাজিক অথবা সাংস্কৃতিক বৰঙনি যোগালে তাক নুই কৰাৰ ধৃষ্টতা আপোনাৰ ঘোৰ শতৰুৱেও কৰিব নোৱাৰে। মই অৱশ্যে সেইবোৰৰ ভাল বেয়াৰ বিচাৰ কৰিব নেজাও । আপোনাৰ সংগঠন হোৱাৰ আগতে কেইজন অসমীয়াই ব্যৱসায় কৰিব জানিছিল ? কিন্ত্ত আজি চাওক কিমান অসমীয়াই ব্যৱসায় বাণিজ্য কৰি অসমখনক আগুৱাইলৈ গৈছে। সঁচা অৰ্থত এইটোৰ কাৰণে মই ব্যক্তিগতভাৱে আপোনাক আৰু আপোনাৰ সংগঠনক ধন্যবাদ দিম । অসমৰ মানুহে তথা আমিবোৰেনো ক’ত কয়লা চিণ্ডিকেট ,আলু -কচুৰ চিণ্ডিকেট, মাছ চিণ্ডিকেট, এইবোৰ শুনিছিলো, এইবোৰবাদেই দিয়ক চিণ্ডিকেট নামটো শুনাই আমাৰ দৰে মানুহৰ মনতেই নাই , কিন্ত্ত কালক্ৰমত এইবোৰ শব্দ আমাৰ সমাজৰ অলংকাৰ হৈ পৰিলগৈ । ক’ম কথানে এইবোৰ তাৰবাবে যদি আপোনাৰ সংগঠনক ধন্যবাদ দিলে বেয়া নিশ্চয় নেপাব আপুনি। ককাইদেউ এটা কথা জানেনে মোৰদৰে বহুতৰে হয়তো শৈশৱত আপোনাকৰ কিছুজনৰ কিছুমান বীৰত্বৰ কাহিনী শুনি হয়তো আমাৰ দৰে হাজাৰজনক আপোনালোকৰ ঘোৰ সমৰ্থক কৰি তুলিছিল। আপোনালোকক ওচৰৰ পৰা নেদেখিলেও আপোনালোকক একো একোজন বীৰৰ ৰুপত কল্পনা কৰিব ধৰিলো । আপোনালোকৰ বিষয়ে পেপাৰে পত্ৰই ওলালে তাক গোগ্ৰাসে পঢ়িব ধৰা হলো ।কিবা যেন আশা দেখিব ধৰিলো আপোনালোকৰ মাজত । আপোনালোকৰ কোনোবা আহত বা নিহত হোৱাৰ বাতৰি পঢ়িলে বা শুনিলে অন্তৰখন কিবা কৰি নিয়া হ’ল । বিশ্বাস কৰে নে নাই নেজানো উদিপ্ত হাজৰিকা, কবিৰঞ্জনৰ মৃত্যুৰ খবৰ পোৱাৰ দিনা মনে মনে গোটেই ৰাতি কান্দিছিলো ।কিবা আপোনজনক হেৰুৱাৰ দৰে । আপোনালোকৰ কোনোবা গ্ৰেপ্তাৰ হোৱাৰ বা আত্মসমৰ্পন হোৱা জনৰ ফটো দিলে পেপাৰত তণ্ণ তণ্ণকৈ চাইছিলো, হয়তো তেঁওলোকৰ মাজত একো একো জন চেগুৱেভাৰা , কাষ্ট্ৰোক বিচাৰিছিলো । কিন্ত্ত লাহে লাহে মোহ ভংগ হ’ল ।আমাৰ দৰে হাজাৰজনে হয়তো আপোনালোকক কল্পনা কৰিছিলো যুদ্ধ ক্ষেত্ৰত যুঁজি থকা আটিল অথচ ভগ্ন দেহৰ কিছুমান দৃঢ় অৱয়ব। কিন্ত্ত আপোনালোকৰ নেতা পালি নেতাৰ নোদোকা নিপোতল দেহাত ব্ৰেণ্ডেদ কপোৰ পিন্ধি টিভিৰ পৰ্দা বা চচক্ষে ধৃত বা তথাকথিত আত্মসমৰ্পন কৰা অৱস্থাত দেখিলো তাৰ পাছত বিশ্বাস কৰক মই আৰু কেতিয়াও আপোনালোকৰ মাজত গুৱেভাৰা বা কাষ্ট্ৰোক বিচৰাৰ ধৃষ্টতা কৰা নাই । এই খিনিটো কেৱল দৈহিক অৱয়বৰ কথাহে কলো, মানসিক দৃঢ়তাৰ মাপকাঠিৰ কথাটো নোকোৱাই ভাল । আমাৰ সাংস্কিতিক ক্ষেত্ৰখনটো আপোনালোকৰ কম অৱদান নে?বিহু আদি সংস্কৃতি আপোনালোকে দিয়া সংৰক্ষণাবেক্ষণৰ কাৰণেই জীয়াই আছে বুলিয়েই আপোনালোকে ভাবে নিশ্চয়। সেইবোৰটো বাদেই আপোনালোকে কম হোপা নতুন নতুন সংস্কৃতিৰও জন্ম দিয়া নাই জানো ? পইচা তোলা তথা সহজে ধন ঘটা সংস্কৃতি, মাফিয়া তথা কমিছন খোৱা সংস্কৃতি,বন্দুক সংস্কৃতি আৰু বা কত। এই খিনি কোৱাৰ বাবে মোক যদি আপুনি শাসক গোষ্ঠীৰ সুৰত কোৱা বুলি কয় তেতিয়া মোৰ একো উপায় নাই বুইছে ককাইদেউ। ককাইদেউ আজিৰ দিনটোত মোৰ আৰু আপোনাৰ মাজত আদৰ্শগত ভাবে একো মিল নাই যদিও আজিও আপোনালৈ অলপ হলেও শ্ৰদ্ধা আছে বিভিন্ন কাৰণত। এই সুযুগতে আপোনাক এটা অনুৰোধ কৰো, আপুনি আপোনাৰ স্ংগঠনটোত এক কৰ্ম্ম সংস্কৃতিৰ জন্ম দিয়ক যিটো আপোনাৰ স্ংগঠনৰ চালিকা শক্তি হওক। কিমান দিন আৰু বহিৰাগত ব্যৱসায়ী, বহু-জাতিক কোম্পানিৰ পা পইচাৰে স্ংগঠন চলাব। আৰু আপুনি আপোনাৰ স্ংগঠনত এনেকুৱা যোদ্ধা তৈয়াৰ কৰক যাতে তেওলোক জীৱন যুদ্ধত হাৰি কিবা কাৰণত স্ংগঠনৰ পৰা ওলাই আহিলেও যাতে কয়লা বেপাৰৰ দালালি বা মাছৰ বেপাৰৰ ছিণ্ডিকেট কৰিবহি নেলাগে।আজিৰ অসম নামৰ ভৌগালিকসীমা টুকুৰাত যদি দৰকাৰী সংস্কৃতি তেনেহলে সেই সংস্কৃতি হব লাগে- কৰ্ম্ম সংস্কৃতি,দুৰ্নিতী নকৰাৰ সংস্কৃতি । আৰু যদি বাদ দিব লগা সংস্কৃতি আছে সেইয়া হব লাগে-চান্দা সংস্কৃতি, মাফিয়া সংস্কৃতি,বন্দুক সংস্কৃতি,বন্ধ সংস্কৃতি আদি। হয়তো সেইটো কৰিব পাৰিলেহে অসমীয়া জাতিটোৰ কিবা ভাল হব। আপুনি জনা বুজা মানুহ গতিকে কথা বিলাক বুজি পাব বুলি ধৰি ললো। -অগ্নিভ দত্ত

Monday 15 July 2013

কঠিন সময়

গোটলৈ অহা মোৰ বৰ বেছি দিন হোৱা নাইকিন্ত্ত যেতিয়াৰ পৰা গোটতোলৈ আহিলো দিনটোত পাৰিলে এবাৰমান ভুমুকি মাৰোৱেইভিন্ন জনৰ বিভিন্ন লিখা পঢ়াৰ লগতে বহুজনৰ লগত চা চিনাকিও হলো এই খিনিলৈ সকলো ঠিকেই চলি আছিল কিন্ত্ত আজি কিছু দিনৰ পৰা গোটতোত সোমালেই চাৰিও ফালে দেখুন কিবা হৈ চৈহে শুনা পোৱা হলোগোটতোত সোমালে কিবা উশাহ বন্ধ হোৱাৰ উপক্ৰ্ম হয়গৈ চোন মাজে সময়ে আজি কালি
মোৰ দৰে সীমিত জ্ঞান বুদ্ধিৰ মানুহৰ বাবে ভুল শুদ্ধৰ বিচাৰ কৰাটো বৰ কঠিন কাম সেইকাৰণে সমুহ সদস্যলৈ ( ৰোমাণ লিপি, অসমীয়া লিপি বা কিবা আনলিপিৰ সকলোটিলৈকে)অনুৰোধ জনালো যে অনাৱশ্যক তৰ্ক (আলোচনা হব পাৰে)কৰি গোটতোৰ মৰ্য্যদা লঘূ নকৰে যেনকোনোবা অসমীয়াই দেউতাকক দেউতা কবনে পাপা কবনে পিতাই কব আজিৰ যুগত এইবোৰৰ কি নাৰ্য্যতা আছে মোৰ দৰে ছুটি জ্ঞানৰ মানুহৰ বাবে এইবোৰ কেৱল একোটা সাথৰহেতাৰোপৰি ৰোমাণ লিপি, অসমীয়া লিপিৰ তৰ্কৰ ভূ পোৱাতো ...োৰ দৰে মানুহৰ বাবে আৰু অসম্ভব, গোটতোৰ নীতিমতে ইয়াত অসমীয়া লিপিত লিখিব লাগে সেই খিনিতে সকলো শেষ লাগে, কিন্ত্ত শেষ নহয় কাৰণ সকলোৱে তৰ্ক কৰিব বিচাৰে,সকলোৱে যুক্তি দিব বিচাৰে (ৰোমাণ লিপি, অসমীয়া লিপিৰ উভয় পক্ষ্যই) সোভাগ্য বশত আমি এনেকোৱা এখন দেশত জন্ম গ্ৰহণ কৰিছো নেকি যুক্তিৰে পৰ্বত ডাঙিব পাৰি ,মুঠতে যুক্তিৰে সকলো কৰিব পাৰি লাগিলে হাতে কামে যিয়েই নকৰক (ৰাজনীতিবিদ সকলৰ কথা বাৰু নকলোৱেই) কেতিয়াবা ভাবো অবুজনক বুজাই জানো কিবা লাভ আছে অবুজ জনক নীতি নিয়মৰ কথাকৈ জানো কিবা ? আমি যিখন দেশত জন্মিলো নেকিইয়াত প্ৰসাৱ নকৰিবলিখা ঠাইকণতে সৰ্ব্বাধিক প্ৰসাৱ কৰা দেখা যায় (আজি কালি কিছুমান ঠাইত আনকি ভগৱানৰ ফটো লগাইও তত নোপোৱা হৈছে), গতিকে অনৰ্থক যুক্তি তৰ্কৰ জনো কিবা প্ৰয়জন আছে? নিয়মতে লব লগা খিনি নীতি নিৰ্ধাৰণ কমিটিয়ে ললেই হলবাকী মানুহখিনিয়ে অনাৱশ্যক হৈ চৈ নকৰিলেই ভাল হয় যেন আমি অনুমান(হে) কৰো
এইখিনি লিখি থাকোতে দেখোন এইবাৰ কথাগৈ উজনি নামনিয়েই পালেগৈ এটাই অনুৰোধ সকলোটিলৈ, ভালদৰে নজনা কৈ যিকোনো বিষয় ৰাজহুৱা স্থানত উপস্থাপন নকৰাই ভাল (আনৰ অনুভূতিত যাতে আঘাট নকৰে সেইটো মন কৰিলেই হল)( বাকী নিয়মতে লব লগা খিনি নীতি নিৰ্ধাৰণ কমিটিয়ে ললেই হল)