Wednesday 10 April 2013

My sketch....my love

                                                                Albida  friend.....!!!!

                                                                            Angel

Tuesday 9 April 2013

হৃদয়ে কথা কয় :

উদ্যোগ নগৰী নামৰপ । পাটকাই পাহাৰৰ ভৈয়ামত আৰু দিল্লিনদীৰ পাৰত গঢ়লৈ উঠা এক অপৰুপ মিলনৰ ঠাই এই নামৰুপ।

আজি কেই বছৰ মান আগতে সেই নামৰুপৰ সাৰ কাৰখানাত কৰ্ম্মৰত আছিলো মই। সেইসময়ত কাৰখানাত বিভিন্ন প্ৰকল্পৰ কাম চলি আছিল।কামৰ খাতিৰত মইও এটা প্ৰকল্পত জড়িত হৈ পৰিছিলো। সেই প্ৰকল্পৰ এটা ৰিয়েক্টৰৰ প্ৰযুক্তি (Technology) আমি ডেনমাৰ্কৰ (Denmark) হালদৰ তোপসো (Haldor-Topsoe) বুলি এটা প্ৰতিস্থানৰ পৰা ক্ৰয় কৰিব লগা হৈছিল।

যথাসময়ত ৰিয়েক্টৰ আহি নামৰুপ পালেহি। তাৰ পাছত এদিন অলে কুছ (Ole Kusk) নামৰ এজন সুন্দৰ সুঠাম ডেকা বগা চাহাব ওলালহি ডেনমাৰ্কৰ পৰা ৰিয়েক্টৰত অনুঘটক (Catalyst) স্ংযোজন কৰিবলে। আৰু অলে কুছক অনুঘটক স্ংযোজনত সহায় কৰিবলে আহিল এদল বনুৱা পঞ্জাৱৰ ভিতৰুৱা অঞ্চল এটাৰ পৰা।

এফালে ইংৰাজীত ফৰফৰাই থকা অলে কুছ আৰু তাৰ বিপৰিতে কেৱল পঞ্জাৱী আৰু কিছু পৰিমাণে হিন্দী কব পৰা বলবীৰ সিংৰ দল। আৰু তাৰ মাজত আমিবোৰ ইংৰাজীৰ পৰা হিন্দী আৰু হিন্দীৰ পৰা ইংৰাজীলৈ ভাঙনি কৰি প্ৰকল্পৰ কাম আগবঢ়াই নিয়াৰ দায়িত্ত্ত তেওলোকৰ মাজত।

সচৰাচৰ হোৱাৰ দৰেই এই প্ৰকল্পটোও নিৰ্ধাৰিত সময়ত আমি অলে কুছৰ দলটোক অনুঘটক স্ংযোজন কৰিব পৰা কৈ যোগাৰ কৰি দিব নোৱাৰিলো।

এদিন দুদিনকৈ সময় বিলাক যাব ধৰিলে। আমিও অলে কুছৰ দলটোক বৰ এটা সময় দিব নোৱাৰা হলো অন্য বিলাক কামৰ খাতিৰত।

কেইদিন মান পাছত এদিন কোনোবা এফালৰ পৰা আহি থাকোতে মন কৰিলো অলে কুছৰ দলটো আমাৰ অফিচৰ খট খটিত বহি একান্ত মনে কিবা কথাত ব্যস্ত।অকন মান কৌতুহল হোৱাত (কৌতুহল হোৱাতোৱেই স্বাভাবিক, এজনে কেবল ইংৰাজী জানে আৰু আন কেইজনে পঞ্জাৱীৰ বাহিৰে কেবল কিছু পৰিমানে হিন্দী জানে) তেওলোকৰ অজানিতে কিনো কথা পাতিছে শুনিবলে যত্ন কৰি চালো।
অকন মান পাচত গম পালো অলে কুছে ফট ফটীয়া ইংৰাজীত সদ্য বিবাহিত পত্নীক ওচৰত নোপোৱাত কিমান দুখ অনুভব কৰিছে কৈ গৈছে আৰু বলবীৰ সিংৰ দলে একান্ত মনে অলেৰ কথা শুনি হয়ভৰ দি গৈছে।মাজে মাজে বলবীৰ সিংৰ দলেও একদম খাতি পঞ্জাৱীত তাহাতৰ ঘৰৰ পৰা এনেকৈ দিনৰ পাচত দিন মাহ বাহিৰত কেইটামান পইছাৰ খাতিৰত পৰিয়ালৰ পৰা আতৰত থকাৰ সমান যে কষ্ট নাই বুজাব লাগিছে আৰু অলেই যেন সিহতৰ সমষ্ট দুখ যাতনা নিজৰ কৰি লৈছে তেনেকুৱা এটা ভাবত হয় ভৰ দি গৈছে।এবাৰত বলবীৰে পইচাৰ অভাৱত এইবাৰ তাৰ সৰুজনী ছোৱালীক স্কুলত নাম ভৰ্ত্তি কৰাব নোৱাৰিলে বুলি বৰ দুখ কৰিবলৈ ধৰিলে। এইবাৰ অলপ সময়ৰ পাছত মোক আচৰিত কৰি অলে কুছে নিজৰ পকেটৰ পৰা ৫০০ টকা দুখন উলিয়াই বলবীৰৰ হাতত গুজি দিলে।

সেইদিনাই মই অনুভব কৰিলো মানুহে মানুহক বুজিবৰ কাৰণে কোনো ভাষাৰ প্ৰয়োজন নহয় লাগে মাথো এখন হৃদয়হে।
#বিষয় ইংৰাজী#

এটা সৰুতে শুনা/পঢ়া (সম্ভবত পঞ্চতন্ত্ৰৰ কাহিনী আছিল) কাহিনীলৈ মনত পৰিল।কাহিনীটো আছিল এনে ধৰণৰ:
এসময়ত এখন ঠাইত এজন বৰ জ্ঞানী মানুহ আছিল।মুঠতে তেখেতে নজনা কথা মোটা মোতি নাছিলেই বুলিব পাৰিছিল।এবাৰ তেখেত ঘৰৰ পৰা ভালেমান দুৰৰ আন এখন ঠাইৰ এখন সভাত তেখেতৰ জ্ঞানবাণী শুনাবলে গ’ল।
সভা শেষ হওতে ভালেমান পলম হলগৈ । ইফালে বতৰটোও বৰ বেয়া, আকাশখন ডাৱৰে উন্দুলাই আনিব ধৰিছে।
তেখেতে বেগা বেগিকৈ ঘৰলৈবুলি খোজ পেলালে। ইফালে বাটত এখন নৈও পাৰ হব লাগিব তেখেতে।তাতে আকৌ এইবতৰত বা নাও পায়গৈ নে নাই সমস্ত চিন্তাত বিভোৰ হৈ নৈৰ পাৰ পালেহি।
ইফালে সিফালে চাই দেখে ওচৰে পাজৰে দেখো নাও এখনো নাই। কি কৰো নকৰোকৈ থাকোতে হঠা্ৎ কিছু দূৰত এখন নাও দেখা পাই একো ইফালে সিফালে নোচোৱাকৈ ধুমুহাৰ গতিত গৈ নাও খনৰ ওচৰ পালেগৈ।
এতিয়াহে আকৌ লাগিল লেথা,নাওৰীয়াই নাও সামৰি যাব ওলাইছে ঘৰ তাতে আকৌ বতৰটোও বৰ বেয়া। গতিকে নাওৰীয়াই একেষাৰতে না বুলিলে।
এতিয়া পণ্ডিতজনে নিজৰ পৰিচয় দিলে নাওৰীয়াক,তেতিয়াহে নাওৰীয়াৰ গা লৰিল, এইহেন পণ্ডিতকনো কোনহতে বিপদত পেলাই যায় এইবুলি পণ্ডিতক নাওত উঠাই যাত্ৰা আৰম্ভ কৰিলে।
অলপ দূৰ যোৱাৰ পাচত পণ্ডিতজনে নাওৰীয়াৰ লগত ইটো সিটো কথা পাতিব ধৰিলে। তেও (পণ্ডিতে) কি কি জানে কিমান কিতাপ পঢ়িছে গাই যাব ধৰিছে, নাওৰীয়াৰ যেন এইবোৰ শুনি নিজকে ধন্য মনাৰ বাহিৰে উপায় নাই তেনেকুৱা লাগিল।
মাজে মাজে নাওৰীয়াক শুধিছে নাওৰীয়াই কি কি পঢ়িছে, কিজানে তেও আদি। নাওৰীয়াক এপাকত শুধিলে- বোলো নাওৰীয়া তুমি ৰামায়ন পঢ়িছানে?
নাওৰীয়াৰ না বুলি কোৱাৰ বাহিৰে যেন আন একো উপায় নাই।
আকৌ এপাকত শুধিলে- নাওৰীয়া তুমি গীতাৰ বিষয়ে কি জানা?
আকৌ নাওৰীয়াই নাই একো নাজানে বুলি কোৱাত পণ্ডিতে উপলুঙাৰ সুৰত কলে – কি জানাহে তুমি? তোমাৰ এইহেন জীৱন টো তেনেই মিছা আদি।
এইবোৰ শুনি নাওৰীয়াই ভাবিলে সঁচাই তেওৰ জীৱনটো একেবাৰে মিছাতে যোৱা বুলি।
ইতিমধ্যে তেওলোক আহি প্ৰায় নৈখনৰ মাজ পায়ছেহি। হঠাৎ বতৰতো অতিপাত বেয়া হৈ উঠিল। প্ৰবল গাজনি বিজুলিৰে ধুমুহা বৰষুণ আহিব ধৰিলে। নাওখন তুলুঙ ভুতুঙ কৰিব ধৰিলে।লাহে লাহে এটা সময়ত নাও খনত পানী সোমাব ধৰিলে। কিছুসময়ৰ পাচত নাও খন বুৰিব ধৰিলে।
নাওৰীয়াই পণ্ডিতক কলে- পণ্ডিত প্ৰবৰ নাও বুৰ যাব ধৰিছে এতিয়া নাওৰ পৰা জাপ ধৰি সাতুৰাৰ বাহিৰে আন উপায় নাই।
পণ্ডিতে কলে- কিন্তু মই যে সাতুৰিব নেজানো।
এইবাৰ নাওৰীয়াই পানীলৈ জাপ মাৰি চিঞৰি উঠিল- মই সাতুৰিব জানো, আৰু পণ্ডিত ডাঙৰীয়া মই আহিলো আপুনি কি যোগাৰ কৰে কৰক।

এই কাহিনী টো টানি অনাৰ উদেশ্য এটাই- আমি কি জানিব লাগে বা শিকিব লাগে এইবোৰ সম্পুৰ্ণ নিৰ্ভৰ কৰে জীৱন যুদ্ধৰ পৰিস্তিতিৰ ওপৰত। আৰু তাৰ বাবে অতি দৰকাৰী ক্থাটো হৈছে মূল বিষয় বস্তুৰ ওপৰত থাকিব লগা জ্ঞান। বিষয় বস্তুৰ জ্ঞানৰ বাবে ভাষাৰ গুৰুত্ব নিৰ্ভৰশীল ভাষাৰ পৰিধিৰ ওপৰত। বিষয় বস্তুৰ জ্ঞানৰ বাবে আমি কেৱল ইংৰাজী কিয় লাগিলে চীনা,জাৰ্মান আদি সকলো শিকিবলে সাজু থাকিব লাগিব।কিন্ত্ত ইংৰাজী ভাষাটো ভালদৰে জনাটো এই কাৰণেই অত্যন্ত জৰুৰী কিয়নো ইংৰাজী ভাষাটো সকলো দিশত (সাহিত্য, বিজ্ঞান ইত্যাদি) অতিপাত চহকী আৰু বহু ক্ষেত্ৰ্ত ই উমৈহতিয়া ভাষা হয়। জাতিতোৰ বৃহত্তৰ স্বাৰ্থত ইংৰাজী ভাষাটো ভালদৰে আয়ত্ত কৰাটো সেই বাবেই কিছু সময়ত জৰুৰী যদিও মূল বিষয় বস্তুৰ জ্ঞানক উলাই কৰি নহয়। আৰু হয়তো অতি সোনকালেই Mandarin Chinese শিকাটোও অতি আবশ্যক হৈ পৰিব।এইয়া নিশ্চয় কাৰো গোলাম খটাৰ বাবে নহয় বা কেবল ব্যক্তিগত লাভা লাভৰ বাবে নহয়, এইয়া জাতিটোৰ বাবে।ভাষা হিচাবে অসমীয়া ভাষাটো একেবাৰে সৰু (স্ংখ্যাৰ ফালৰ পৰা) নহলেও বৰ এটা ডাঙৰো নহয়।আৰু এই বিশ্বয়ানৰ যুগত মই ব্যক্তিগত ভাবে সৰু ভাষা বিলাকৰ ভৱিস্যতকলৈ একেবাৰেই আশাবাদী নহয় , যদিও কথাতো শুনিবলে একেবাৰে নিৰাশাবাদী যেন লাগে আৰু নিজৰো কবলে বেয়া লাগে। সেয়েহে মই ব্যক্তিগতভাবে ভাষাটোৰ লগতে জাতিটোৰ বা অসম নামৰ ভৌগালিক সীমা টুকুৰাৰ উন্নতিৰ বাবে যেন বেছি দায়বব্ধ তেনেকুৱা অনুভৱ কৰো।

সেইয়াই নেকি বাৰু প্ৰেম ?

মোৰ জন্ম ডিব্ৰুগড়ত সেইসূত্ৰে অৱশ্যেই ডিব্ৰুগড়খন মোৰ অতি মৰমৰ অতি প্ৰিয়। তাৰোপৰি মোৰ ককাৰ ঘৰ খন যত, সেই শিৱসাগৰৰ কালুগাও খন। যাৰ বুকুত মোৰ শৈশৱৰ সোণালী সপোন বোৰ আকিছিলো সেই কালুগাওখনো মোৰ বৰ মৰমৰ।

কিন্ত মোৰ বুকুৰ মাজত এনে এডোখৰ ঠাই আছে যি মোৰ আজন্ম প্ৰিয় আৰু সেইখন হৈছে নামৰুপ। নামৰুপৰ লগত মোৰ সমন্ধ প্ৰামোৰ জন্ম লগ্নৰ পৰাই।

মোৰ মামা আছিল নামৰুপৰ সাৰ কাৰখানাৰ এজন বিষয়া। আৰু সেইসূত্ৰে আমাৰ পৰিয়ালৰ সকলোৱে নামৰুপলৈ সময় সুবিধা পালেই এপাক মাৰিছিলো। পাচলৈ মোৰ মাহী এগৰাকীও কৰ্ম্মসূত্ৰে নামৰুপ পালেগৈ। আমাৰও নামৰুপ যোৱাতো বাঢ়ি গল। আৰু লাহে লাহে মামাৰ মটৰ চাইকেলৰ পাচফালে উঠি নামৰুপ নগৰাঞ্চলৰ অলিয়ে গলিয়ে ঘুৰি ফুৰাতো এটা চখ হৈ পৰিছিলগৈ।

সেই তাহানিৰ নামৰুপ নগৰাঞ্চলৰ কথা ভাবিলে এনে লাগে যেন সেইখন অসমৰ কোনো অঞ্চল নহয়, সেয়খন যেন ইউৰোপৰ কোনোবা এখন সৰু চহৰ উঠাই আনি অসমৰ বুকুত গুজিহে দিছে। ঢলপুৱাতে যেন নামৰুপ খন সাজি কাচি উঠে। জাৰকালি নামৰুপ খনৰ ৰুপ যেন আৰু দুগুন হ য়। ঘন কুৱলী ফালি নিয়ন লাইটৰ বিচ্ছুৰিত পোহৰে যেন নগৰ খনৰ ৰুপ আৰু অতুলনীয় কৰি তোলে।
তাতে নামৰুপখন যেন গধুলিৰ লগে লগে একমায়াৱী ৰুপ লৈ উঠে। চঞ্চলা হৈ উঠে গোটেইখন। গধুলিৰ লগে লগে নিয়ন লাইট বোৰ জ্বলি উঠাৰ লগে লগে লৰা ছোৱালী পুৰুষ মহিলা বিলাক যেন নামৰুপ নগৰাঞ্চলৰ পথ উপ-পথ বিলাকত খ্ৰীছেনথেম (Chrysanthemums) ফুলৰ দৰেই ফুলি উঠে।

মই তেতিয়া কিজানি দ্বিতীয় বা ৩ য় মানত আছো। আৰু ঠিক এনে এটা মায়াৱী গধুলি আমি (আমি মানে মই, মোৰ মা, মাহী আৰু মাহীৰ বান্ধবী এগৰাকী) ঘৰৰ পৰা ওলাই গলো নগৰাঞ্চলৰে আন এটা ক্ষেত্ৰৰ এঘৰৰ ঘৰত আলহি খাবলৈ বুলি।

ইতিমধ্যে নিয়ন লাইটবোৰ জ্বলি উঠিছেই আৰু ফিৰ ফিৰিয়া বতাহ জাকে যেন পৰিবেশ তো আৰু বাংময় কৰি তুলিছে। লাহে লাহে আমিবোৰ বতাহত হালি জালি গৈ আছো তেনেকুৱা এটা গতিত আমিবোৰ আগ বাঢ়িছো মানুহ ঘৰৰ ফালে।

হঠাৎ যেন মোক এজাক মলয়াই খুন্দিয়ায় থৈ গল তেনেকুৱা লাগি গল। মোৰ যেন ভৰি কেইটা জঠৰ হৈ পৰিল । কি হয় এইয়া কোন এইজনী পৰী এনেকুৱা এটা চাৱনীৰেই হয় তো মই পাচপৰি ৰৈ গলো মাহতকৈ ।

কি হল “বাবা” বুলি মায়ে কিছু দুৰ আগুৱাই আহি মাত দিয়াত হে যেন মোৰ সম্বিত ঘুৰি আহিল।

নাই জোতাৰ ফিটাডাল খোল খাই গৈছে বুলি জোতাৰ ফিটাডাল ঠিক কৰাৰ চলেৰে আকৌ এবাৰ তাইক হেপাহ পলুৱাই চালো। খিল খিলিয়া হাহি টো যেন মোৰ কাণত শিমলু কপাহৰ দৰেই লাগি ধৰিল। সেই তিৰ বিৰাই থকা চকু হালি সেই বতাহত উৰি যোৱা তাইৰ চুলিতাৰিয়ে যেন মোক কিবা যাদুহে কৰি পেলালে।

বাবা কি হল ৰৈ দিলি যে আকৌ মাৰ চিঞৰ টোত এইবাৰ মই একে দৌৰে মাহতৰ লগ পালোগৈ। ইতিমধ্যে সেই সপোন কুৱৰী জনীৰ লগতে গোটেই লৰা ছোৱালী জাকো মোৰ চকুৰ আৰ হল গৈ। তাৰ পাচতো হাজাৰ বাৰ সেইফালে গৈছো সেই খিল খিলয়া হাহিটো শুনিব লে বা সেই চঞ্চলা চকু জুৰি বিচাৰি, কিন্ত আৰু সেই মায়াবী গধুলিটো নাহিল মোৰ জীৱনলে কেতিয়াও। আজিও বাৰে বাৰে নামৰুপে মোক টানি নিয়ে সেই পথ উপ পথ বিলাকলৈ সেই চকু জুৰি সেই হাহি টোৰ সন্ধানত। সেইয়াই নেকি বাৰু প্ৰেম ?
জীৱনৰ ৰঙ:
(আধা মিনিটৰ গল্প)
হোষ্টেল নং ৰুম ন্ং ৩০৬ৰাতি বজাৰ পাচত আন দিনাৰ দৰে আজিও অমৰ, ৰঞ্জন,মানৱ,ছানি,ৰোহিন আহি অকনমান মদিৰা পান কৰাৰ লগতে তাচপাত খেলাৰ কাৰণে অভিনাষৰ ৰুমত গোট খাইছেহিমদিৰাৰ গোন্ধ আৰু গানৰ মুৰ্চনাই ইতিমধ্যই ৰুমটো ৰঙিন কৰি তুলিছেৰোহিনে তাচযোৰা ঠিক থাক কৰি বিলোৱাত লাগিলসকলোৱে তাচপাত তুলিলোৱাত ব্যস্ত অভিনাষে তাচপাতবোৰ এখন এখন কৈ তুলি তাচপাত বোৰচাই কবলৈ ধৰিলে-তাচপাতৰ ৰঙ মিলাওতে মিলাওতে যেন আমাৰ জীৱনৰ ৰঙবোৰেই নিমিলা হৈ গৈছেহঠাৎ যেন ৰুমটোৰ ৰঙিন বিলাক ধোৱা কোৱা হৈ  গল মিলিবগৈ নে বাৰু কেতিয়াবা সিহতৰ জীৱনৰ ৰঙবিলাক ৰামধেনুৰ দৰে

(বি:দ্ৰ:- ১৫-১৬ বছৰ আগতে কলেজ নে হোষ্টেলৰ আলোচনীত দিবলৈ লিখিছিলো এইটো,এতিয়া শুনিছো এইবিলাকক অণু গল্পও বুলিব পাৰি,মোৰটো সেইভাগত পৰে নে নাই নাজানো, তথাপি অসমীয়া ইউনিকডত লিখি ৰাখিলো)

“মন মোৰ উৰণীয়া মন- জীৱনৰ গল্প”

(এ.ই.চি.ৰ ওপৰত আধাৰিত মোৰ অপ্ৰকাশিত উপন্যাস মন মোৰ উৰণীয়া মন- জীৱনৰ গল্পৰ পৰা কিছু অংশ তুলি দিলোঁ ৰাইজৰ হাতত)

     আবে.. ফাটাফাটি বনাইছে বে উহ্... মধুৰীয়ে ফালি দিছে বে- দাদুলে চিনেমাখন শেষ হোৱাৰ লগে লগে প্ৰায় চিঞৰি উঠাৰ দৰেই কৈ উঠিল কথাখিনি ঐ.. বল ব ফাণ্ডা পিছ্ত দিবি ঘৰ যাওঁ বল... জল্দি, বৈদ্য ভোক লাগিছে- এইবুলি অভিয়ে গোটেই কেইটাকে কলে ঐ অভি, খায়েই যাওঁ ন সাত বাজিছেহে”- এইবুলি ভাৰ্গৱেও ওলায়েই মাত লগালে নামটো শুনাৰ পিছ্ত আৰু কাৰো না কোৱাৰ যেন সাধ্যই নাই, এনে এটা অৱস্থাৰে গোটেইকেইটাই অ.. অ বুলি প্ৰায় চিঞৰিয়েই উঠিল ঠিক আছে বুলি অভিয়ে কৈ উঠাৰ লগে লগে গোটেই কেইটাৰ খোজৰ গতি যেন হঠা দৌৰাৰ দৰে হৈ পৰিল গোটেই কেইটাই খৰ খৰকৈ ৰেলৱে ষ্টেচনৰ ব্ৰীজখন পাৰহৈ ম ঘৰলৈ বুলি আগবাঢ়িল
খৰধৰকৈ টেবুল এখনত বহি ভাৰ্গৱে চিঞৰি উঠিল; ভাইটি, পাঁচ প্লেট পৰ্ক- লৈ আহ... জল্দি আকৌ সি গোটেই কেইটাক উদ্দেশ্য কৰি কোৱাত লাগিল; এহ্.. কি যে এই মটো উলিয়ালে ইহঁতি ! ঐ মনত আছেনে.. আমি যে খাদি ভাণ্ডাৰৰ বিপৰিতে  থকা ঘৰ প্ৰথম ম খাইছিলোঁ ! তাৰ পাছৰ পৰা এই এই মডালে লগেই নেৰা হল আমাৰ পানবজাৰলৈ আহি ম এক প্লেট নাখালে যেন কিবা এটা নকৰাকৈ থাকি গ, তেনেকুৱা নালাগেনে তহঁতৰ ?” হব হব ... আকৌ তোৰ মৰ জন্ম কাহিনী আৰম্ভ কৰিব নালাগে ”-অভিয়ে কলে এনেতে ম লৈ লৰাটো টেবুল পালেহি   ভাৰ্গৱে প্লেটৰ পৰা এটা ম টপাটপ মুখত ভৰাই আকৌ লৰাটোক কলে; ঐ ভাইটি... মোৰ কাৰণে আৰু দুটা লৈ আহ যা
     খাই উঠি পানবজাৰৰ ফালে গৈ থাকোঁতে অভিয়ে কলে; মই এটা কাম কৰোঁ তহঁত পানবজাৰ যা চিধা ইয়াৰ পৰা... মই SRB(2nd mess, Cotton College)ত ভাইটিৰ তাত সোমাই যাম সি কালি ঘৰৰ পৰা আহিছে পইচা আৰু কিবাকিবি দি পঠিয়াইছে ঘৰৰ পৰা হবলা ! লৈ যাওঁ আৰু একেলগে ঐ ভাৰ্গৱ, কি নিবি বি.এন. দেৰ পৰা ? বি.পি ফুল এটা নিলেই হব নেকি ?”... ধুৰ.. কত বি.পি. খাৱ বে এই মাহৰ ফাৰ্ষ্ট ৱিক? গ্ৰীণ লেবেল ফুল এটা আৰু হাফ এটা লৈ যাম দে আকৌ আৰু বা কোনে খেপ দিয়ে ঠিকেই নাই নহয় ! নহলে আকৌ আধাতে লুকুভাইৰ তালৈ আহিব লাগিব এনেই চব নিচা ফাঁটি যাব অ... আৰু চাকনাও ময়েই লৈ যাম দে তই তেনেহলে কাছাৰীতে উঠি আহিবি কিজানি !!” – ভাৰ্গৱে একে উশাহতে কৈ উঠিল বাপৰে... এই ভাৰ্গৱটোৰ যে কি জোশ কথাত ! কিন্তু অন্তৰৰ পৰা বৰ ভাল আজি তিনি বছৰ আগেয়ে এ.ই.চি.লৈ অহা সেই ভাৰ্গৱটো আৰু এতিয়াৰ ভাৰ্গৱটোৰ কথা ভাৱিলে আচৰিতেই লাগে উজনিৰ সৰু টাউন বৰঘাটৰ পৰা আহিছিল সি মাক দেউতাক তাৰেই স্কুল এখনৰ শিক্ষক বৰ মৰমীয়াল দুয়োজনেই অভিয়ে এই তিনি বছৰত কিমান বাৰ যে সিহঁতৰ ঘৰলৈ গৈছে ঠিকেই নাই কলেজৰ বন্ধবিলাকত সিহঁতৰ ঘৰলৈ এপাক হলেও সি মাৰেই ভাৰ্গৱৰ হোষ্টেলৰ প্ৰথম দিনা দেউতাকে তাক থবলৈ আহি অভিৰ ৰুমতে বহি তাক কোৱা কথাষাৰ এতিয়াও তাৰ মনত আছে অভি.. তোমাকেই গটালোঁ তাক ঘৰৰ পৰা এয়াই প্ৰথম ওলাই আহিছে বৰ এটা টেঙৰ-চেঙৰ লৰা নহয় বুজিছা তোমালোকতো গুৱাহাটীৰ হোষ্টেলতে আগতেও থাকি আহিছা ! সেইবাবে অলপ শিকাই বুজাই দিবা ইয়াক ব খুৰা বুলি কৈ থৈছিল সেইদিনা অভিয়ে তাৰ কেইদিনমান পাছত ভাৰ্গৱ এদিন ওলাই গৈছিল দাদুলৰ লগত পানবজাৰলৈ যাওঁতে ভাৰ্গৱে দাদুলক কৈ গৈছিল বোলে... ঐ দাদুল,তইতো কটনত আছিলি তইতো গুৱাহাটীখন চিনি পাৱ ভালদৰে মোকো অলপ চিনাকি কৰাই দিবিচোন ঠাইবিলাক দাদুলে ঠিক আছে বুলি কৈ লৈ গল তাক পানবজাৰত সৰু-সুৰা কাম কেইটামান কৰি, ৰেৱতীত চাওমিন একপ্লেট একপ্লেট দুয়োটাই খাই, দাদুলে ভাৰ্গৱক লৈ চি.জি.ত গীতিক লগ কৰিবলৈ গ তাত ছোৱালীবোৰ দেখি ভাৰ্গৱৰ কি যে অৱস্থা !! তাৰ পৰা আহি কাছাৰীতে সিহঁত ৬:২0 ৰ বাছখনত উঠি হোষ্টেললৈ আহি থাকোঁতে দাদুলৰ দুষ্ট বুদ্ধি এটা খেলালে সি লাহেকৈ ভাৰ্গৱক কলে; ঐ.. তই কামাখ্যা মন্দিৰ দেখিছনে নাই ?ভাৰ্গৱে নাই দেখা বুলি কলে দাদুলে পুনৰ কৈ উঠিল; আমি অলপ পাছতে কামাখ্যা মন্দিৰ আৰু আৰু কিবা কিবি মন্দিৰৰ ওচৰ পামগৈ তই দূৰৰ পৰাই সেৱা এটা কৰিবি ভাৰ্গৱে মূৰ দুপিয়ালে অলপ পাছত কামাখ্যা পাওঁতে তাক কলে; এয়াই কামাখ্যা মন্দিৰ ভাৰ্গৱে ভক্তিৰেই সেৱা এটা কৰিলে দূৰৰ পৰাই এইবাৰ অলপ দূৰ গৈ দাদুলে কলে- এয়া প্ৰাগজ্যোতি ভাৰ্গৱে আকৌ সেৱা কৰিলে অলপ পিছত দাদুলে আকৌ কলে- এয়া অনুপমা ভাৰ্গৱে আকৌ সেৱা কৰোঁতে দাদুলে তাৰ হাঁহি ৰখাব নোৱাৰা অৱস্থা হ ভাৰ্গৱে কি হল ততেই ধৰিব নোৱাৰিলে এইটো কথালৈ যে ভাৰ্গৱে হোষ্টেলত কিমান কামোৰ খোৱা নাই তাৰ পিছত !! আৰু সেই ভাৰ্গৱে আজি চবকে নাকত ধৰি চাকত ঘুৰাব পাৰে সেইবাবে সি বেছি ওস্তাদি মাৰিলে অনুপমা মন্দিৰ বুলি তাক সেৱা এটা জনাই দিলে তাক চাব লগা হয় আৰু !! এইবোৰ ভাৱি আহি থাকোঁতে অভি এচ.আৰ.বি. হোষ্টেল কেতিয়া পালেহি গমেই নাপালে ভাইটীৰ ৰুম পাই দেখে ৰুমৰ বাকী তিনিওটা ৰুমমেট টেবুল লেম্প জ্বলাই পঢ়াত ব্যস্ত সি ভাইটীৰ বিচনাতে বহি ললে ভাইটীয়ে পইচাৰ এনভেলপটো আৰু খোৱাবস্তুখিনি দি কলে; আজি মনমী বাক লগ পাইছিলোঁ এই চিঠিখন দিছে তোক দিবলে চিঠিখন খৰধৰকৈ খুলি তাৰ মুখেৰে নিজে নিজে ওলাই আহিল, ছি: ভাইটীয়ে কি হল বুলি সোধাত একো নাই হোৱা বুলি কৈ আকৌ তাক কলে; তই তাইক লগ পালে কবি, মই শণিবাৰেহে আবেলি আহিম বুলি আৰু মনে মনে কৈ উঠিল- হে ভগৱান ! আকৌ যে ৰিনিমহঁতৰ তালৈ যাব নোৱাৰি দেই ! কিবা এটা ফাঁকি মাৰিব লাগিব বুলি ভাৱি ভাইটীৰ হোষ্টেলৰ পৰা ওলাই আহিল দৌৰি যোৱাদি গৈ ৮: ২0 ৰ লাষ্ট বাছখন যেনেতেনে ধৰিলেগৈ সি পানবজাৰ ষ্টপত বাকীকেইটাও হাতত সকলো যোগাৰ লৈ বাছত উঠিলেহি শেষত গোটেই কেইটা গৈ বৰ্মনৰ দোকানতে নামিলগৈ তাতে চিগাৰেট কেইটামান জ্বলাই আৰু ৰাতিটোৰ কাৰণে কেইটামান লৈ লাহে লাহে হোষ্টেল নং ৬ৰ ফালে লাহে লাহে আগবাঢ়িল
ঐ.. এটা কথা ভাৱিছোঁ ভাৰ্গৱে কিবা এটা নতুন ফাণ্ডা যে দিব সকলোৱে ইতিমধ্যে জানি উঠিছে কি ভাৱিছ ক ভাৱি নাথাকিবি এনেই ”- এইবুলি দাদুলে কলে ভাৰ্গৱে গ্লাছটোৰ লাষ্ট চিপটো মাৰি কলে; কথাটো হল... আমি কাইলৈৰ পৰা ৰাতি ভাত খাই উঠি পঢ়িম দে হে ভগৱান .. তই ভাৱি ভাৱি এইটোহে পালিনে বুলি অভিয়ে কলে
     নহয় অ...শুনচোন আমি দহ বজাৰ পৰা পঢ়িম আৰু একদম চাৰে এঘাৰ বজাত এটা টি-ব্ৰেক ল মোৰ ৰুমত হিটাৰ এটা আছেই ফাৰ্ষ্ট চেমতে লোৱা বঢ়িয়াকৈ চাহ বনাম আদা-চাদা দি আৰু কিবাকিবি বিস্কুট আনি থ তাৰ পাছত আকৌ বাৰ মান বজাৰ পৰা পঢ়িম টোপনি নোযোৱালৈকে কেনে পালি আইডিয়াটো ?
ঐ... ৰাতি চাহ খাব ওলাইছ যে... গা-চা ভালনে তোৰ ?”-আকৌ অভিয়ে মাত লগালে আবে কিবা চিৰিয়াচ কথা ক বে... এই ফাল্টু কথা কলে টাকিৰ নিচা এনেই ফাটি যাব দাদুলেও তাক কলে  
এনেতে পাৰ্থয়ো মাত লগালে; ঐ ভাৰ্গৱ.. নোৱাৰ যদি খাৱ কিয় বে ? তিনি পেগতে এই অৱস্থা ঐ মোৰ পেগ এটা বনা বে... ইয়াৰ কথা শুনিলে হল আৰু এতিয়া এইবাৰ যেন হঠা ভূমিকম্পহে আহিল ! ভাৰ্গৱে দপদপাই উঠি গৈ খিৰিকিৰ গ্লাচ এখনত ঘোচা এটা মাৰি দিয়াত গ্লাচবোৰ ঠন ঠনকৈ মাটিত পৰি গআৰু সি চিঞৰি চিঞৰি কলে; ব দে তহঁতেই ডাঙৰ ডাঙৰ মানুহ আমি কথা কলে চব ফাল্টু হৈ যায় ব যা ”- এইবুলি অলপ সময় সি মুখৰ ভিতৰতে কিবাকিবি বকি থাকিল
     এইবাৰ সকলোৱে বুজি উঠিলে যে ভাৰ্গৱৰ ভালদৰেই নিচা লাগিছে ব দে.. আমি পঢ়াশুনা কৰিম এইবাৰ অলপ সোনকালৰ পৰা ”- এইবুলি অভিয়ে তাৰ কান্ধত ধৰি কৈ উঠিল দাদুলে কথাবোৰ আৰু সহজ কৰিবলৈ কলে; ঐ.. বটল ফিনিচ হলেই দেখোন ! ভাৰ্গৱ বল লাখু ভাইৰ তালৈ যাবিনে ??” অভিয়ে কলে; পাৰ্থক লৈ যা ই ইয়াতে থাকক দে ল এইটো বাইকৰ চাবি ”- এইবুলি চাবিটো দাদুললৈ দলিয়াই দিলে আহি আছোঁ ৰহ বুলি দুয়োটা দৌৰ মাৰি ওলাই গ
আজ মৌচম বড়া বেইমান হেই গীটাৰখন টুংটুঙাই মি: মহম্মদ ৰফি অৰিজিতে গাই উঠিল এইবাৰ গোটেই কেইটাই আজ মৌচম বড়া বেইমান হেইকোৰাচ কৰি চিঞৰি গোৱাত লাগিল কাষৰ ৰুমৰ পৰা সীমান্তও আহি সিহঁতৰ ওচৰ পালেহি সি ভালদৰেই গম পাই উঠিছে যে আজি তাৰ নৰ্মেল ১১:৩0-১২:00 বজাত শোৱা নহয় বিচনাত পৰি চটফটাই থকাতকৈ সিহঁত কেইটাৰ লগত বহায়েই ভাল বুলি আকৌ এবাৰ মনটোক সান্তনা দি ললে
ছি:... কি যে আছিল সেই দিনবোৰ ! কেনেকৈ যে দিনৰ পিছত দিন আৰু ৰাতিৰ পিছত ৰাতি কটাইছিলোঁ এতিয়া ভাৱিলেই আচৰিত লাগে ”-এইবুলি মনতে হাঁহি এটা মাৰি চিগাৰেট এটা জ্বলাই অভিয়ে বেলিটো ডুব যোৱা আকাশখনৰ ফালে চালে এই দৃশ্যটোযে কিমানবাৰ চাইছে যোৱা ২0 বছৰে এই মেৰীন ড্ৰাইভত বহি আৰব সাগৰখনত !! আজিও অফিচৰ পৰা সোনকালে ওলাই আহি ইয়াতে বহি পৰিছে এটা অশান্ত মনলৈ কিয় জানো.. ইয়াত বহি এই ব্যস্ত মহানগৰীৰ মাজতো সি এক অনাবিল শান্তি লাভ কৰে যোৱা বিশ বছৰে তাৰ সুখ-দুখৰ যেন চিৰ লগৰী এই ঠাইখন দূৰণিৰ আকাশখনলৈ আকৌ এবাৰ চাই পঠালে সি... সেই দূৰৰ চৰাই কেইটালৈ তাৰো যেন উৰিবলৈ মন গৈছে বহু দূৰণিলৈ... দূৰ দিগন্তলৈ... উৰণীয়া হৈ চিগাৰেটটোত জোৰকৈ টান এটা মাৰি দি ধোঁৱাখিনি উৰুৱাই দিলে দূৰণিলৈ.....