Saturday 28 December 2013

পৰেশ বৰুৱা ককাইদেউলৈ মনৰ বতৰা

পৰেশ ককাইদেউ, পোনতে আপোনালৈ শ্ৰদ্ধা যাঁচিলো। আশাকৰো আপোনাৰ কুশল মংগল ।চাঁওতে চাঁওতে আৰু এটা বছৰ প্ৰায় শেষেই হ’লহি । এই সুযোগতে আপোনালৈ আগন্ত্তক নৱবৰ্শ উপলক্ষ্যে শুভেচ্ছা জ্ঞাপন কৰিলো । এই খিনিতে আপোনাক এটা কথা কৈ থও। ককাইদেউ বুলি সম্বোধন ধৰাৰ কাৰণে বেয়া নাপায় যেন । ব্যক্তিগত ভাবে আপোনাৰ লগত মোৰ একো চা চিনাকি নাই যদিও লৰালি কালৰ পৰা আপোনাৰ নাম শুনি শুনি হয়তো কিবা বৰ আপোন আপোন লাগে আৰু সেই কাৰণেই আপোনাক ককাইদেউ বুলি সম্বোধন কৰিলো । ককাইদেউ, আজি এই চিঠি খন আপোনালৈ লিখাৰ উদেশ্য কেবাটাও। আজি বহুবছৰ ধৰি মনৰ ভিতৰতে লাগি থকা খু দুৱনি কিছু মানৰ কাৰণেহে এই পত্ৰ আপোনালৈ লিখিলো। কিবা বুজি পোৱা নোপোৱা দিনতে হয়তো আপোনাৰ তথা আপোনাৰ সংগঠনৰ নাম প্ৰথম বাৰৰ বাবে শুনিছিলো । কিবা কাল ক্ৰমে আমাৰ ঘৰ খনৰ লগত লেনিন, মাক্স, মাও, গুৱেভাৰাৰ চিনাকী মোৰ জন্ম লগ্নৰে পৰা। সৰুতেই এই বীৰ সকলৰ কথা সাধু কথাৰ নিচিনাকৈ শুনাৰ সোভাগ্য হৈছিল । এনেকুৱা কিবা এটা সন্ধিক্ষণত আপোনালোকৰ সংগঠনৰ জন্ম তথা উত্থানৰ কাহিনী শুনি হয়তো সেইসময়ত আপোনালোকৰ মাজত একো একো জন লেনিন, মাক্স, মাও, গুৱেভাৰাক কল্পনা কৰিব ধৰিলো । সমাজবাদ- সাম্যবাদ সেইবোৰ ভালদৰে বুজিব পৰা হোৱা নাছিলো যদিও মনে মনে কল্পনা কৰিব ধৰিছিলো আমাৰ দৰেই যেন বিষ্ণু, নন্দনহঁতৰো যাতে নিজৰ এটা ঘৰ হয় ,আমাৰ দৰেই যাতে সিঁহতি সদায় স্কুল আহিব পাৰে । কিন্ত্ত সেই সপোন দেখো আজিও কেৱল সপোন হৈয়ে থাকিল ।আজিও মোৰ বোধগম্য ন’হল কিনো ধৰণৰ সমাজবাদৰ কথা কয় আপোনালোকে। কেনেকুৱানো সমাজ এখন পাম আমি তাৰ কাল্পনিক হলেঁও ৰুপ এটা কেতিয়া কেনেকৈনো দেখিম তাৰো কোনো উত্তৰ আজিও আপোনালোকে নিদিলে আমাৰ দৰে সহস্ৰজনক ।আৰু যে কেতিয়াবা দিব পাৰিব তাৰো একো এটা আশা আজিলৈ নাই দেখা । ককাইদেউ, আপোনাৰ তথা আপোনাৰ সংগঠনৰ আমাৰ অসম তথা অসমবাসী ৰাইজলৈ যি সামাজিক অথবা সাংস্কৃতিক বৰঙনি যোগালে তাক নুই কৰাৰ ধৃষ্টতা আপোনাৰ ঘোৰ শতৰুৱেও কৰিব নোৱাৰে। মই অৱশ্যে সেইবোৰৰ ভাল বেয়াৰ বিচাৰ কৰিব নেজাও । আপোনাৰ সংগঠন হোৱাৰ আগতে কেইজন অসমীয়াই ব্যৱসায় কৰিব জানিছিল ? কিন্ত্ত আজি চাওক কিমান অসমীয়াই ব্যৱসায় বাণিজ্য কৰি অসমখনক আগুৱাইলৈ গৈছে। সঁচা অৰ্থত এইটোৰ কাৰণে মই ব্যক্তিগতভাৱে আপোনাক আৰু আপোনাৰ সংগঠনক ধন্যবাদ দিম । অসমৰ মানুহে তথা আমিবোৰেনো ক’ত কয়লা চিণ্ডিকেট ,আলু -কচুৰ চিণ্ডিকেট, মাছ চিণ্ডিকেট, এইবোৰ শুনিছিলো, এইবোৰবাদেই দিয়ক চিণ্ডিকেট নামটো শুনাই আমাৰ দৰে মানুহৰ মনতেই নাই , কিন্ত্ত কালক্ৰমত এইবোৰ শব্দ আমাৰ সমাজৰ অলংকাৰ হৈ পৰিলগৈ । ক’ম কথানে এইবোৰ তাৰবাবে যদি আপোনাৰ সংগঠনক ধন্যবাদ দিলে বেয়া নিশ্চয় নেপাব আপুনি। ককাইদেউ এটা কথা জানেনে মোৰদৰে বহুতৰে হয়তো শৈশৱত আপোনাকৰ কিছুজনৰ কিছুমান বীৰত্বৰ কাহিনী শুনি হয়তো আমাৰ দৰে হাজাৰজনক আপোনালোকৰ ঘোৰ সমৰ্থক কৰি তুলিছিল। আপোনালোকক ওচৰৰ পৰা নেদেখিলেও আপোনালোকক একো একোজন বীৰৰ ৰুপত কল্পনা কৰিব ধৰিলো । আপোনালোকৰ বিষয়ে পেপাৰে পত্ৰই ওলালে তাক গোগ্ৰাসে পঢ়িব ধৰা হলো ।কিবা যেন আশা দেখিব ধৰিলো আপোনালোকৰ মাজত । আপোনালোকৰ কোনোবা আহত বা নিহত হোৱাৰ বাতৰি পঢ়িলে বা শুনিলে অন্তৰখন কিবা কৰি নিয়া হ’ল । বিশ্বাস কৰে নে নাই নেজানো উদিপ্ত হাজৰিকা, কবিৰঞ্জনৰ মৃত্যুৰ খবৰ পোৱাৰ দিনা মনে মনে গোটেই ৰাতি কান্দিছিলো ।কিবা আপোনজনক হেৰুৱাৰ দৰে । আপোনালোকৰ কোনোবা গ্ৰেপ্তাৰ হোৱাৰ বা আত্মসমৰ্পন হোৱা জনৰ ফটো দিলে পেপাৰত তণ্ণ তণ্ণকৈ চাইছিলো, হয়তো তেঁওলোকৰ মাজত একো একো জন চেগুৱেভাৰা , কাষ্ট্ৰোক বিচাৰিছিলো । কিন্ত্ত লাহে লাহে মোহ ভংগ হ’ল ।আমাৰ দৰে হাজাৰজনে হয়তো আপোনালোকক কল্পনা কৰিছিলো যুদ্ধ ক্ষেত্ৰত যুঁজি থকা আটিল অথচ ভগ্ন দেহৰ কিছুমান দৃঢ় অৱয়ব। কিন্ত্ত আপোনালোকৰ নেতা পালি নেতাৰ নোদোকা নিপোতল দেহাত ব্ৰেণ্ডেদ কপোৰ পিন্ধি টিভিৰ পৰ্দা বা চচক্ষে ধৃত বা তথাকথিত আত্মসমৰ্পন কৰা অৱস্থাত দেখিলো তাৰ পাছত বিশ্বাস কৰক মই আৰু কেতিয়াও আপোনালোকৰ মাজত গুৱেভাৰা বা কাষ্ট্ৰোক বিচৰাৰ ধৃষ্টতা কৰা নাই । এই খিনিটো কেৱল দৈহিক অৱয়বৰ কথাহে কলো, মানসিক দৃঢ়তাৰ মাপকাঠিৰ কথাটো নোকোৱাই ভাল । আমাৰ সাংস্কিতিক ক্ষেত্ৰখনটো আপোনালোকৰ কম অৱদান নে?বিহু আদি সংস্কৃতি আপোনালোকে দিয়া সংৰক্ষণাবেক্ষণৰ কাৰণেই জীয়াই আছে বুলিয়েই আপোনালোকে ভাবে নিশ্চয়। সেইবোৰটো বাদেই আপোনালোকে কম হোপা নতুন নতুন সংস্কৃতিৰও জন্ম দিয়া নাই জানো ? পইচা তোলা তথা সহজে ধন ঘটা সংস্কৃতি, মাফিয়া তথা কমিছন খোৱা সংস্কৃতি,বন্দুক সংস্কৃতি আৰু বা কত। এই খিনি কোৱাৰ বাবে মোক যদি আপুনি শাসক গোষ্ঠীৰ সুৰত কোৱা বুলি কয় তেতিয়া মোৰ একো উপায় নাই বুইছে ককাইদেউ। ককাইদেউ আজিৰ দিনটোত মোৰ আৰু আপোনাৰ মাজত আদৰ্শগত ভাবে একো মিল নাই যদিও আজিও আপোনালৈ অলপ হলেও শ্ৰদ্ধা আছে বিভিন্ন কাৰণত। এই সুযুগতে আপোনাক এটা অনুৰোধ কৰো, আপুনি আপোনাৰ স্ংগঠনটোত এক কৰ্ম্ম সংস্কৃতিৰ জন্ম দিয়ক যিটো আপোনাৰ স্ংগঠনৰ চালিকা শক্তি হওক। কিমান দিন আৰু বহিৰাগত ব্যৱসায়ী, বহু-জাতিক কোম্পানিৰ পা পইচাৰে স্ংগঠন চলাব। আৰু আপুনি আপোনাৰ স্ংগঠনত এনেকুৱা যোদ্ধা তৈয়াৰ কৰক যাতে তেওলোক জীৱন যুদ্ধত হাৰি কিবা কাৰণত স্ংগঠনৰ পৰা ওলাই আহিলেও যাতে কয়লা বেপাৰৰ দালালি বা মাছৰ বেপাৰৰ ছিণ্ডিকেট কৰিবহি নেলাগে।আজিৰ অসম নামৰ ভৌগালিকসীমা টুকুৰাত যদি দৰকাৰী সংস্কৃতি তেনেহলে সেই সংস্কৃতি হব লাগে- কৰ্ম্ম সংস্কৃতি,দুৰ্নিতী নকৰাৰ সংস্কৃতি । আৰু যদি বাদ দিব লগা সংস্কৃতি আছে সেইয়া হব লাগে-চান্দা সংস্কৃতি, মাফিয়া সংস্কৃতি,বন্দুক সংস্কৃতি,বন্ধ সংস্কৃতি আদি। হয়তো সেইটো কৰিব পাৰিলেহে অসমীয়া জাতিটোৰ কিবা ভাল হব। আপুনি জনা বুজা মানুহ গতিকে কথা বিলাক বুজি পাব বুলি ধৰি ললো। -অগ্নিভ দত্ত

Monday 15 July 2013

কঠিন সময়

গোটলৈ অহা মোৰ বৰ বেছি দিন হোৱা নাইকিন্ত্ত যেতিয়াৰ পৰা গোটতোলৈ আহিলো দিনটোত পাৰিলে এবাৰমান ভুমুকি মাৰোৱেইভিন্ন জনৰ বিভিন্ন লিখা পঢ়াৰ লগতে বহুজনৰ লগত চা চিনাকিও হলো এই খিনিলৈ সকলো ঠিকেই চলি আছিল কিন্ত্ত আজি কিছু দিনৰ পৰা গোটতোত সোমালেই চাৰিও ফালে দেখুন কিবা হৈ চৈহে শুনা পোৱা হলোগোটতোত সোমালে কিবা উশাহ বন্ধ হোৱাৰ উপক্ৰ্ম হয়গৈ চোন মাজে সময়ে আজি কালি
মোৰ দৰে সীমিত জ্ঞান বুদ্ধিৰ মানুহৰ বাবে ভুল শুদ্ধৰ বিচাৰ কৰাটো বৰ কঠিন কাম সেইকাৰণে সমুহ সদস্যলৈ ( ৰোমাণ লিপি, অসমীয়া লিপি বা কিবা আনলিপিৰ সকলোটিলৈকে)অনুৰোধ জনালো যে অনাৱশ্যক তৰ্ক (আলোচনা হব পাৰে)কৰি গোটতোৰ মৰ্য্যদা লঘূ নকৰে যেনকোনোবা অসমীয়াই দেউতাকক দেউতা কবনে পাপা কবনে পিতাই কব আজিৰ যুগত এইবোৰৰ কি নাৰ্য্যতা আছে মোৰ দৰে ছুটি জ্ঞানৰ মানুহৰ বাবে এইবোৰ কেৱল একোটা সাথৰহেতাৰোপৰি ৰোমাণ লিপি, অসমীয়া লিপিৰ তৰ্কৰ ভূ পোৱাতো ...োৰ দৰে মানুহৰ বাবে আৰু অসম্ভব, গোটতোৰ নীতিমতে ইয়াত অসমীয়া লিপিত লিখিব লাগে সেই খিনিতে সকলো শেষ লাগে, কিন্ত্ত শেষ নহয় কাৰণ সকলোৱে তৰ্ক কৰিব বিচাৰে,সকলোৱে যুক্তি দিব বিচাৰে (ৰোমাণ লিপি, অসমীয়া লিপিৰ উভয় পক্ষ্যই) সোভাগ্য বশত আমি এনেকোৱা এখন দেশত জন্ম গ্ৰহণ কৰিছো নেকি যুক্তিৰে পৰ্বত ডাঙিব পাৰি ,মুঠতে যুক্তিৰে সকলো কৰিব পাৰি লাগিলে হাতে কামে যিয়েই নকৰক (ৰাজনীতিবিদ সকলৰ কথা বাৰু নকলোৱেই) কেতিয়াবা ভাবো অবুজনক বুজাই জানো কিবা লাভ আছে অবুজ জনক নীতি নিয়মৰ কথাকৈ জানো কিবা ? আমি যিখন দেশত জন্মিলো নেকিইয়াত প্ৰসাৱ নকৰিবলিখা ঠাইকণতে সৰ্ব্বাধিক প্ৰসাৱ কৰা দেখা যায় (আজি কালি কিছুমান ঠাইত আনকি ভগৱানৰ ফটো লগাইও তত নোপোৱা হৈছে), গতিকে অনৰ্থক যুক্তি তৰ্কৰ জনো কিবা প্ৰয়জন আছে? নিয়মতে লব লগা খিনি নীতি নিৰ্ধাৰণ কমিটিয়ে ললেই হলবাকী মানুহখিনিয়ে অনাৱশ্যক হৈ চৈ নকৰিলেই ভাল হয় যেন আমি অনুমান(হে) কৰো
এইখিনি লিখি থাকোতে দেখোন এইবাৰ কথাগৈ উজনি নামনিয়েই পালেগৈ এটাই অনুৰোধ সকলোটিলৈ, ভালদৰে নজনা কৈ যিকোনো বিষয় ৰাজহুৱা স্থানত উপস্থাপন নকৰাই ভাল (আনৰ অনুভূতিত যাতে আঘাট নকৰে সেইটো মন কৰিলেই হল)( বাকী নিয়মতে লব লগা খিনি নীতি নিৰ্ধাৰণ কমিটিয়ে ললেই হল)