Thursday 9 May 2013

বাঁহ খাই গলো :

বাঁহ খাই গলো :
সেইয়া আছিল আজিৰ পৰা ২০ বছৰ মান আগৰ কথা ।জীৱনত বৰ এটা আশা তাশা নাছিল , তথাপিও পালোগৈ অসমইঞ্জিনিয়াৰিং কলেজ কিবাকৈ ইঞ্জিনিয়াৰ বনিব পাৰোৱেই নেকি বুলি। কটনৰ ছাত্ৰাবাসত থাকোতেই অলপ চলপ গম পাইছিলোৱেই ছাত্ৰাবাসত কি কি হয়। সেই কাৰণে ইঞ্জিনিয়াৰিং কলেজৰ ছাত্ৰাবাস সোমোৱাৰ আগতে অলপ  ভূ ভা লৈ গম পাইছিলো যে তাত আখৰ ভাল হলে বোলে ছিনিয়ৰৰ লিখা মেলাত (মানে নোট বনোৱা আদিত) অলপ সহায় কৰি দিব লাগে।
মই আকৌ মানুহটো হলো বৰ এলেহুৱা ,যিহেতু মই নিজৰ কাৰণেই লিখা মেলা মোটা মোটি নকৰোৱাই তেনে স্থলত আৰু ছিনিয়ৰৰ কাৰণে কোনে লিখিব,এইবুলি বুদ্ধি এটা ভাবি ছাত্ৰাবাসত সোমালোহি। ক্লাছলৈ এখন সৰু বহীলৈ যাও আৰু তাতে এংকৰি বেংকৰি কিবা কিবি লিখো। আখৰবোৰ ডক্টৰৰ প্ৰেচক্ৰিপচনত লিখা আখৰতকৈও ভয়ংকৰ হব ধৰিলে। এদিন কলেজৰ পৰা  মই মোৰ ৰুমমেট চক্ৰ আৰু দুটা আহি থাকোতে ছাত্ৰাবাসৰ সন্মুখতে ধৰিলে নহয়  বাপ্পেক্কে ছিনিয়ৰ দুজনে। তেখেত সকলৰ বোলে কিবা নোট অলপ বনাব লাগে।
অই চাও তঁহতৰ ক্লাছৰ বহী বোৰ দে চোন বুলি আমাৰ বহী কেইখনলৈ হাতৰ আখৰ চোৱাত লাগিল।বাকী বিলাকৰ বহী কেইখ্ন চাই মোৰ খন চাই হঠাৎ গোটেই ছিনিয়ৰকেইজনে মুখ কেইখ্ন এনেকুৱা কৰিলে যেন কিবা ভেকুৰী তিতাহে মুখতলৈ চোবাই পালে।
 এজনে মাত দিলে- “অই এই আখৰ লৈ তোৰ কিন্ত্ত লাইফত দিগদাৰ আছে এইবুলি মোক হুমকি দি বাকী তিনিটাক কলে- “অই তহত তিনিটাই বল নোট বনাবলে। ইয়াক নিলে ফেইল মাৰিব লাগিব আমি (মোৰ ফালে দেখুৱাই)
মোৰ বুদ্ধিয়ে কাম দিয়া বুলি ভাবি তাতে এপাক নাচিয়েই দিব মন গৈছিল সিদিনা। এনেকৈয়ে দিন বোৰ গৈ আছে, মোৰ হাতৰ আখৰ দেখি কোনেও নিদিয়ে মোক লিখিব লৈ। আৰু আমাৰ লগৰ বোৰ জকি থাকে মোক লৈ। কোনেও একো কবও নোৱাৰে কাকো। মুঠতে মোৰ লাইফটো মস্তিত চলি আছিল।
 এনেতে এদিনকলেজৰ পৰা আহি মই আৰু চক্ৰ ৰুমটে বিচনাতে বাগৰ দি আছো।তেনেতে আহি সোমালহি নহয় প্ৰাণজিৎদা কৰবাৰ পৰা বিৰাট ব্যস্ততাৰেআহিয়েই ক লে- “অই তঁহত দুটাৰ কাৰ আখৰ ভাল অ’ ? চাও আনচোন তঁহতৰ নোট বুক কেইখন।
প্ৰাণজিৎদা এইখন চাওক বুলি চক্ৰই বহী এখন আগবঢ়াই দিলে। তাৰ বহী খন চাই প্ৰাণজিৎদাই নৰলেই আৰু মোক দেখুৱাই কলে- “অই তই আহি যা মোৰ ৰুমলেসোনকালে,বহুত লিখিব আছে। ই (চ ক্ৰ ৰ ফালে দেখুৱাই) এই আখৰ লিখিলে ছিওৰ ফেইল কৰিব লাগিব চেচনেলত মই ইয়াতকে বেয়া আখৰ কাৰো হবই নোৱাৰে বুইছ।
তই আহি থাক অলপ পাচত বুলি প্ৰাণজিৎদা ৰুমৰ পৰা ওলাই গ
মই বোলো আজি হল কি ঘটনাটো?চক্ৰৰ ধুনীয়া গোটা গোটা হাতৰ আখৰ বেয়া বুলি মোক চিলেক্ট কৰি গল। কি হল প্ৰাণজিৎদাৰ বাৰু আজি? নে বেছিকৈ দাৰু খাই আহিছিল।এইবোৰ ভাবি ভাবি অই তোৰ আকৌ আখৰ কেনেকৈ বেয়া হল অ বুলি চক্ৰক সুধিলো। এতিয়াহে ওলালগৈ উৰহি গছৰ ওৰ।
সি বেটাই হাঁহি হাঁহি তাৰ হাতৰ বহী খন মোলৈ আগ বঢ়াই দিওতেহে দেখিছো সেইয়া দেখোন মোৰ বহী খনতেতিয়াহে গম পালো যে ময়ো আজি বাঁহ খাই গলো

বিহু,বিহু সংস্কৃতি

বিহু,বিহু সংস্কৃতি, অসমীয়া সংস্কৃতি আদিক বছৰৰ সাতদিন ICU ত ৰাখি সচাকৈয়ে জীয়াই ৰাখিব লগা অবস্থা এটা হৈছেগৈ নেকি? মনে নধৰে। মোৰ লিখাৰ উদেশ্যটো কেৱল বিহু সংস্কৃতি নহয়। আজিৰ অসম নামৰ ভৌগালিকসীমাটুকুৰাতযদিদৰকাৰীসংস্কৃতি তেনেহলে সেই সংস্কৃতি হব লাগে- কৰ্ম্ম সংস্কৃতি,দুৰ্নিতী নকৰাৰ সংস্কৃতি । আৰু যদি বাদ দিব লগা সংস্কৃতি আছে সেইয়া হব লাগে-চান্দা সংস্কৃতি, মাফিয়া সংস্কৃতি,বন্দুক সংস্কৃতি,বন্ধ সংস্কৃতি আদি।
এইখিনিতে পৰেশ ককাইদেউক একাষাৰ কও-“ ককাইদেউ, দেৰিকৈ হলেও বিহুৰ আন্তৰিক ওলগ যাচিলো, ককাইদেউ আজিৰ দিনটোত মোৰ আৰু আপোনাৰ মাজত আদৰ্শগত ভাবে একো মিল নাই যদিও আজিও আপোনালৈ অলপ হলেও শ্ৰদ্ধা আছে বিভিন্ন কাৰণত। এই সুযুগতে আপোনাক এটা অনুৰোধ কৰো, আপুনিও আপোনাৰ স্ংগঠনটোত এক কৰ্ম্ম সংস্কৃতিৰ জন্ম দিয়ক যিটো আপোনাৰ স্ংগঠনৰ চালিকা শক্তি হওক। কিমান দিন আৰু বহিৰাগত ব্যৱসায়ী, বহু-জাতিক কোম্পানিৰ  পা পইচাৰে স্ংগঠন চলাব। আৰু আপুনি আপোনাৰ স্ংগঠনত এনেকুৱা যোদ্ধা তৈয়াৰ কৰক যাতে তেওলোক জীৱন যুদ্ধত হাৰি কিবা কাৰণত স্ংগঠনৰ  পৰা ওলাই আহিলেও যাতে কয়লা বেপাৰৰ দালালি বা মাছৰ  বেপাৰৰ ছিণ্ডিকেট কৰিবহি নেলাগে। হয়তো সেইটো কৰিলেহে অসমীয়া জাতিটোৰ কিবা ভাল হব। আপুনি জনা বুজা মানুহ গতিকে কথা বিলাক বুজি পাব বুলি ধৰি ললো।