জীৱনৰ ৰঙ:
(আধা মিনিটৰ গল্প)
হোষ্টেল নং ৬ ৰুম ন্ং ৩০৬।ৰাতি ৯ বজাৰ পাচত আন দিনাৰ দৰে আজিও অমৰ, ৰঞ্জন,মানৱ,ছানি,ৰোহিন আহি অকনমান মদিৰা পান কৰাৰ লগতে তাচপাত খেলাৰ কাৰণে অভিনাষৰ ৰুমত গোট খাইছেহি।মদিৰাৰ গোন্ধ আৰু গানৰ মুৰ্চনাই ইতিমধ্যই ৰুমটো ৰঙিন কৰি তুলিছে।ৰোহিনে তাচযোৰা ঠিক থাক কৰি বিলোৱাত লাগিল।সকলোৱে তাচপাত তুলিলোৱাত ব্যস্ত। অভিনাষে তাচপাতবোৰ এখন এখন কৈ তুলি তাচপাত বোৰচাই কবলৈ ধৰিলে-তাচপাতৰ ৰঙ মিলাওতে মিলাওতে যেন আমাৰ জীৱনৰ ৰঙবোৰেই নিমিলা হৈ গৈছে।হঠাৎ যেন ৰুমটোৰ ৰঙিন বিলাক ধোৱা কোৱা হৈ গল। মিলিবগৈ নে বাৰু কেতিয়াবা সিহতৰ জীৱনৰ ৰঙবিলাক ৰামধেনুৰ দৰে।
(বি:দ্ৰ:- ১৫-১৬ বছৰ আগতে কলেজ নে হোষ্টেলৰ আলোচনীত দিবলৈ লিখিছিলো এইটো।,এতিয়া শুনিছো এইবিলাকক অণু গল্পও বুলিব পাৰি,মোৰটো সেইভাগত পৰে নে নাই নাজানো, তথাপি অসমীয়া ইউনিক’ডত লিখি ৰাখিলো।)
No comments:
Post a Comment