(এ.ই.চি.ৰ ওপৰত আধাৰিত মোৰ অপ্ৰকাশিত উপন্যাস “মন মোৰ উৰণীয়া মন- জীৱনৰ গল্প”ৰ পৰা কিছু অংশ তুলি দিলোঁ ৰাইজৰ হাতত)
আবে.. ফাটাফাটি বনাইছে বে । উহ্... মধুৰীয়ে ফালি দিছে বে- দাদুলে চিনেমাখন শেষ হোৱাৰ লগে লগে প্ৰায় চিঞৰি উঠাৰ দৰেই কৈ উঠিল কথাখিনি । ঐ.. ব’ল ব’ল । ফাণ্ডা পিছ্ত দিবি । ম’ম’ ঘৰ যাওঁ ব’ল... জল্দি, বৈদ্য ভোক লাগিছে- এইবুলি অভিয়ে গোটেই কেইটাকে ক’লে । “ঐ অভি, ম’ম’ খায়েই যাওঁ ন । সাত বাজিছেহে”- এইবুলি ভাৰ্গৱেও ওলায়েই মাত লগালে । ম’ম’ নামটো শুনাৰ পিছ্ত আৰু কাৰো না কোৱাৰ যেন সাধ্যই নাই, এনে এটা অৱস্থাৰে গোটেইকেইটাই ‘অ.. অ’ বুলি প্ৰায় চিঞৰিয়েই উঠিল । ঠিক আছে বুলি অভিয়ে কৈ উঠাৰ লগে লগে গোটেই কেইটাৰ খোজৰ গতি যেন হঠাৎ দৌৰাৰ দৰে হৈ পৰিল । গোটেই কেইটাই খৰ খৰকৈ ৰেলৱে ষ্টেচনৰ ব্ৰীজখন পাৰহৈ ম’ম’ ঘৰলৈ বুলি আগবাঢ়িল ।
খৰধৰকৈ টেবুল এখনত বহি ভাৰ্গৱে চিঞৰি উঠিল; “অই ভাইটি, পাঁচ প্লেট পৰ্ক-ম’ম’ লৈ আহ... জল্দি ।” আকৌ সি গোটেই কেইটাক উদ্দেশ্য কৰি কোৱাত লাগিল; “এহ্.. কি যে এই ম’ম’টো উলিয়ালে ইহঁতি ! ঐ মনত আছেনে.. আমি যে খাদি ভাণ্ডাৰৰ বিপৰিতে থকা ম’ম’ ঘৰত প্ৰথম ম’ম’ খাইছিলোঁ ! তাৰ পাছৰ পৰা এই এই ম’ম’ডালে লগেই নেৰা হ’ল আমাৰ । পানবজাৰলৈ আহি ম’ম’ এক প্লেট নাখালে যেন কিবা এটা নকৰাকৈ থাকি গ’ল, তেনেকুৱা নালাগেনে তহঁতৰ ?” “হব হ’ব ... আকৌ তোৰ ম’ম’ৰ জন্ম কাহিনী আৰম্ভ কৰিব নালাগে ।”-অভিয়ে ক’লে । এনেতে ম’ম’ লৈ ল’ৰাটো টেবুল পালেহি । । ভাৰ্গৱে প্লেটৰ পৰা এটা ম’ম’ টপাটপ মুখত ভৰাই আকৌ ল’ৰাটোক ক’লে; “ঐ ভাইটি... মোৰ কাৰণে আৰু দুটা লৈ আহ যা ।”
ম’ম’ খাই উঠি পানবজাৰৰ ফালে গৈ থাকোঁতে অভিয়ে ক’লে; “মই এটা কাম কৰোঁ । তহঁত পানবজাৰ যা চিধা ইয়াৰ পৰা... মই SRB(2nd mess, Cotton College)ত ভাইটিৰ তাত সোমাই যাম । সি কালি ঘৰৰ পৰা আহিছে । পইচা আৰু কিবাকিবি দি পঠিয়াইছে ঘৰৰ পৰা হব’লা ! লৈ যাওঁ আৰু একেলগে । ঐ ভাৰ্গৱ, কি নিবি বি.এন. দে’ৰ পৰা ? বি.পি ফুল এটা নিলেই হ’ব নেকি ?”... “ধুৰ.. ক’ত বি.পি. খাৱ বে এই মাহৰ ‘ফাৰ্ষ্ট ৱিক’ত? গ্ৰীণ লেবেল ফুল এটা আৰু হাফ এটা লৈ যাম দে । আকৌ আৰু বা কোনে খেপ দিয়ে ঠিকেই নাই নহয় ! নহ’লে আকৌ আধাতে লুকুভাইৰ তালৈ আহিব লাগিব । এনেই চব নিচা ফাঁটি যাব । অ... আৰু চাকনাও ময়েই লৈ যাম দে । তই তেনেহ’লে কাছাৰীতে উঠি আহিবি কিজানি !!” – ভাৰ্গৱে একে উশাহতে কৈ উঠিল । বাপৰে... এই ভাৰ্গৱটোৰ যে কি জোশ কথাত ! কিন্তু অন্তৰৰ পৰা বৰ ভাল । আজি তিনি বছৰ আগেয়ে এ.ই.চি.লৈ অহা সেই ভাৰ্গৱটো আৰু এতিয়াৰ ভাৰ্গৱটোৰ কথা ভাৱিলে আচৰিতেই লাগে । উজনিৰ সৰু টাউন বৰঘাটৰ পৰা আহিছিল সি । মাক দেউতাক তাৰেই স্কুল এখনৰ শিক্ষক । বৰ মৰমীয়াল দুয়োজনেই । অভিয়ে এই তিনি বছৰত কিমান বাৰ যে সিহঁতৰ ঘৰলৈ গৈছে ঠিকেই নাই । কলেজৰ বন্ধবিলাকত সিহঁতৰ ঘৰলৈ এপাক হ’লেও সি মাৰেই । ভাৰ্গৱৰ হোষ্টেলৰ প্ৰথম দিনা দেউতাকে তাক থ’বলৈ আহি অভিৰ ৰুমতে বহি তাক কোৱা কথাষাৰ এতিয়াও তাৰ মনত আছে । “অভি.. তোমাকেই গটালোঁ তাক । ঘৰৰ পৰা এয়াই প্ৰথম ওলাই আহিছে । বৰ এটা টেঙৰ-চেঙৰ ল’ৰা নহয় বুজিছা । তোমালোকতো গুৱাহাটীৰ হোষ্টেলতে আগতেও থাকি আহিছা ! সেইবাবে অলপ শিকাই বুজাই দিবা ইয়াক ।” হ’ব খুৰা বুলি কৈ থৈছিল সেইদিনা অভিয়ে । তাৰ কেইদিনমান পাছত ভাৰ্গৱ এদিন ওলাই গৈছিল দাদুলৰ লগত পানবজাৰলৈ । যাওঁতে ভাৰ্গৱে দাদুলক কৈ গৈছিল বোলে... “ঐ দাদুল,তইতো কটনত আছিলি । তইতো গুৱাহাটীখন চিনি পাৱ ভালদৰে । মোকো অলপ চিনাকি কৰাই দিবিচোন ঠাইবিলাক ।” দাদুলে ঠিক আছে বুলি কৈ লৈ গ’ল তাক । পানবজাৰত সৰু-সুৰা কাম কেইটামান কৰি, ৰেৱতীত চাওমিন একপ্লেট একপ্লেট দুয়োটাই খাই, দাদুলে ভাৰ্গৱক লৈ চি.জি.ত গীতিক লগ কৰিবলৈ গ’ল । তাত ছোৱালীবোৰ দেখি ভাৰ্গৱৰ কি যে অৱস্থা !! তাৰ পৰা আহি কাছাৰীতে সিহঁত ৬:২0 ৰ বাছখনত উঠি হোষ্টেললৈ আহি থাকোঁতে দাদুলৰ দুষ্ট বুদ্ধি এটা খেলালে । সি লাহেকৈ ভাৰ্গৱক ক’লে; “ঐ.. তই কামাখ্যা মন্দিৰ দেখিছনে নাই ?” ভাৰ্গৱে নাই দেখা বুলি ক’লে । দাদুলে পুনৰ কৈ উঠিল; “আমি অলপ পাছতে কামাখ্যা মন্দিৰ আৰু আৰু কিবা কিবি মন্দিৰৰ ওচৰ পামগৈ । তই দূৰৰ পৰাই সেৱা এটা কৰিবি ।” ভাৰ্গৱে মূৰ দুপিয়ালে । অলপ পাছত কামাখ্যা পাওঁতে তাক ক’লে; “এয়াই কামাখ্যা মন্দিৰ ।” ভাৰ্গৱে ভক্তিৰেই সেৱা এটা কৰিলে দূৰৰ পৰাই । এইবাৰ অলপ দূৰ গৈ দাদুলে ক’লে- এয়া প্ৰাগজ্যোতি । ভাৰ্গৱে আকৌ সেৱা কৰিলে । অলপ পিছত দাদুলে আকৌ ক’লে- এয়া অনুপমা । ভাৰ্গৱে আকৌ সেৱা কৰোঁতে দাদুলে তাৰ হাঁহি ৰখাব নোৱাৰা অৱস্থা হ’ল । ভাৰ্গৱে কি হ’ল ততেই ধৰিব নোৱাৰিলে । এইটো কথালৈ যে ভাৰ্গৱে হোষ্টেলত কিমান কামোৰ খোৱা নাই তাৰ পিছত !! আৰু সেই ভাৰ্গৱে আজি চবকে নাকত ধৰি চাকত ঘুৰাব পাৰে । সেইবাবে সি বেছি ওস্তাদি মাৰিলে অনুপমা মন্দিৰ বুলি তাক সেৱা এটা জনাই দিলে তাক চাব লগা হয় আৰু !! এইবোৰ ভাৱি আহি থাকোঁতে অভি এচ.আৰ.বি. হোষ্টেল কেতিয়া পালেহি গমেই নাপালে । ভাইটীৰ ৰুম পাই দেখে ৰুমৰ বাকী তিনিওটা ৰুমমেট টেবুল লেম্প জ্বলাই পঢ়াত ব্যস্ত । সি ভাইটীৰ বিচনাতে বহি ল’লে । ভাইটীয়ে পইচাৰ এনভেলপটো আৰু খোৱাবস্তুখিনি দি ক’লে; “আজি মনমী বাক লগ পাইছিলোঁ । এই চিঠিখন দিছে তোক দিবলে’ ।” চিঠিখন খৰধৰকৈ খুলি তাৰ মুখেৰে নিজে নিজে ওলাই আহিল, “ছি:”। ভাইটীয়ে কি হ’ল বুলি সোধাত একো নাই হোৱা বুলি কৈ আকৌ তাক ক’লে; “তই তাইক লগ পালে ক’বি, মই শণিবাৰেহে আবেলি আহিম বুলি ।” আৰু মনে মনে কৈ উঠিল- হে ভগৱান ! আকৌ যে ৰিনিমহঁতৰ তালৈ যাব নোৱাৰি দেই ! কিবা এটা ফাঁকি মাৰিব লাগিব বুলি ভাৱি ভাইটীৰ হোষ্টেলৰ পৰা ওলাই আহিল । দৌৰি যোৱাদি গৈ ৮: ২0 ৰ লাষ্ট বাছখন যেনেতেনে ধৰিলেগৈ সি । পানবজাৰ ষ্টপত বাকীকেইটাও হাতত সকলো যোগাৰ লৈ বাছত উঠিলেহি । শেষত গোটেই কেইটা গৈ বৰ্মনৰ দোকানতে নামিলগৈ । তাতে চিগাৰেট কেইটামান জ্বলাই আৰু ৰাতিটোৰ কাৰণে কেইটামান লৈ লাহে লাহে হোষ্টেল নং ৬ৰ ফালে লাহে লাহে আগবাঢ়িল ।
“ঐ.. এটা কথা ভাৱিছোঁ ।” ভাৰ্গৱে কিবা এটা নতুন ফাণ্ডা যে দিব সকলোৱে ইতিমধ্যে জানি উঠিছে । “কি ভাৱিছ ক । ভাৱি নাথাকিবি এনেই ।”- এইবুলি দাদুলে ক’লে । ভাৰ্গৱে গ্লাছটোৰ লাষ্ট চিপটো মাৰি ক’লে; “কথাটো হ’ল... আমি কাইলৈৰ পৰা ৰাতি ভাত খাই উঠি পঢ়িম দে ।” হে ভগৱান .. তই ভাৱি ভাৱি এইটোহে পালিনে বুলি অভিয়ে ক’লে ।
“নহয় অ’...শুনচোন । আমি দহ বজাৰ পৰা পঢ়িম আৰু একদম চাৰে এঘাৰ বজাত এটা টি-ব্ৰেক ল’ম । মোৰ ৰুমত হিটাৰ এটা আছেই ফাৰ্ষ্ট চেমতে লোৱা । বঢ়িয়াকৈ চাহ বনাম আদা-চাদা দি আৰু কিবাকিবি বিস্কুট আনি থ’ম । তাৰ পাছত আকৌ বাৰ মান বজাৰ পৰা পঢ়িম টোপনি নোযোৱালৈকে । কেনে পালি আইডিয়াটো ?”
“ঐ... ৰাতি চাহ খাব ওলাইছ যে... গা-চা ভালনে তোৰ ?”-আকৌ অভিয়ে মাত লগালে । “আবে কিবা চিৰিয়াচ কথা ক বে... এই ফাল্টু কথা ক’লে টাকিৰ নিচা এনেই ফাটি যাব” – দাদুলেও তাক ক’লে ।
এনেতে পাৰ্থয়ো মাত লগালে; “ঐ ভাৰ্গৱ.. নোৱাৰ যদি খাৱ কিয় বে ? তিনি পেগতে এই অৱস্থা । ঐ মোৰ পেগ এটা বনা বে... ইয়াৰ কথা শুনিলে হ’ল আৰু এতিয়া ।” এইবাৰ যেন হঠাৎ ভূমিকম্পহে আহিল ! ভাৰ্গৱে দপদপাই উঠি গৈ খিৰিকিৰ গ্লাচ এখনত ঘোচা এটা মাৰি দিয়াত গ্লাচবোৰ ঠন ঠনকৈ মাটিত পৰি গ’ল আৰু সি চিঞৰি চিঞৰি ক’লে; “হ’ব দে । তহঁতেই ডাঙৰ ডাঙৰ মানুহ । আমি কথা ক’লে চব ফাল্টু হৈ যায় । হ’ব যা ।”- এইবুলি অলপ সময় সি মুখৰ ভিতৰতে কিবাকিবি বকি থাকিল ।
এইবাৰ সকলোৱে বুজি উঠিলে যে ভাৰ্গৱৰ ভালদৰেই নিচা লাগিছে । “হ’ব দে.. আমি পঢ়াশুনা কৰিম এইবাৰ অলপ সোনকালৰ পৰা ।”- এইবুলি অভিয়ে তাৰ কান্ধত ধৰি কৈ উঠিল । দাদুলে কথাবোৰ আৰু সহজ কৰিবলৈ ক’লে; “ঐ.. বটল ফিনিচ হ’লেই দেখোন ! ভাৰ্গৱ ব’ল লাখু ভাইৰ তালৈ । যাবিনে ??” অভিয়ে ক’লে; “পাৰ্থক লৈ যা । ই ইয়াতে থাকক দে । ল এইটো বাইকৰ চাবি ।”- এইবুলি চাবিটো দাদুললৈ দলিয়াই দিলে । আহি আছোঁ ৰহ বুলি দুয়োটা দৌৰ মাৰি ওলাই গ’ল ।
আজ মৌচম বড়া বেইমান হেই – গীটাৰখন টুংটুঙাই মি: মহম্মদ ৰফি অৰিজিতে গাই উঠিল । এইবাৰ গোটেই কেইটাই “আজ মৌচম বড়া বেইমান হেই” কোৰাচ কৰি চিঞৰি গোৱাত লাগিল । কাষৰ ৰুমৰ পৰা সীমান্তও আহি সিহঁতৰ ওচৰ পালেহি । সি ভালদৰেই গম পাই উঠিছে যে আজি তাৰ নৰ্মেল ১১:৩0-১২:00 বজাত শোৱা নহয় । বিচনাত পৰি চটফটাই থকাতকৈ সিহঁত কেইটাৰ লগত বহায়েই ভাল বুলি আকৌ এবাৰ মনটোক সান্তনা দি ল’লে ।
“ছি:... কি যে আছিল সেই দিনবোৰ ! কেনেকৈ যে দিনৰ পিছত দিন আৰু ৰাতিৰ পিছত ৰাতি কটাইছিলোঁ এতিয়া ভাৱিলেই আচৰিত লাগে ।”-এইবুলি মনতে হাঁহি এটা মাৰি চিগাৰেট এটা জ্বলাই অভিয়ে বেলিটো ডুব যোৱা আকাশখনৰ ফালে চালে । এই দৃশ্যটোযে কিমানবাৰ চাইছে যোৱা ২0 বছৰে এই মেৰীন ড্ৰাইভত বহি আৰব সাগৰখনত !! আজিও অফিচৰ পৰা সোনকালে ওলাই আহি ইয়াতে বহি পৰিছে এটা অশান্ত মনলৈ । কিয় জানো.. ইয়াত বহি এই ব্যস্ত মহানগৰীৰ মাজতো সি এক অনাবিল শান্তি লাভ কৰে । যোৱা বিশ বছৰে তাৰ সুখ-দুখৰ যেন চিৰ লগৰী এই ঠাইখন । দূৰণিৰ আকাশখনলৈ আকৌ এবাৰ চাই পঠালে সি... সেই দূৰৰ চৰাই কেইটালৈ । তাৰো যেন উৰিবলৈ মন গৈছে । বহু দূৰণিলৈ... দূৰ দিগন্তলৈ... উৰণীয়া হৈ । চিগাৰেটটোত জোৰকৈ টান এটা মাৰি দি ধোঁৱাখিনি উৰুৱাই দিলে দূৰণিলৈ.....
No comments:
Post a Comment