Tuesday, 9 April 2013

হৃদয়ে কথা কয় :

উদ্যোগ নগৰী নামৰপ । পাটকাই পাহাৰৰ ভৈয়ামত আৰু দিল্লিনদীৰ পাৰত গঢ়লৈ উঠা এক অপৰুপ মিলনৰ ঠাই এই নামৰুপ।

আজি কেই বছৰ মান আগতে সেই নামৰুপৰ সাৰ কাৰখানাত কৰ্ম্মৰত আছিলো মই। সেইসময়ত কাৰখানাত বিভিন্ন প্ৰকল্পৰ কাম চলি আছিল।কামৰ খাতিৰত মইও এটা প্ৰকল্পত জড়িত হৈ পৰিছিলো। সেই প্ৰকল্পৰ এটা ৰিয়েক্টৰৰ প্ৰযুক্তি (Technology) আমি ডেনমাৰ্কৰ (Denmark) হালদৰ তোপসো (Haldor-Topsoe) বুলি এটা প্ৰতিস্থানৰ পৰা ক্ৰয় কৰিব লগা হৈছিল।

যথাসময়ত ৰিয়েক্টৰ আহি নামৰুপ পালেহি। তাৰ পাছত এদিন অলে কুছ (Ole Kusk) নামৰ এজন সুন্দৰ সুঠাম ডেকা বগা চাহাব ওলালহি ডেনমাৰ্কৰ পৰা ৰিয়েক্টৰত অনুঘটক (Catalyst) স্ংযোজন কৰিবলে। আৰু অলে কুছক অনুঘটক স্ংযোজনত সহায় কৰিবলে আহিল এদল বনুৱা পঞ্জাৱৰ ভিতৰুৱা অঞ্চল এটাৰ পৰা।

এফালে ইংৰাজীত ফৰফৰাই থকা অলে কুছ আৰু তাৰ বিপৰিতে কেৱল পঞ্জাৱী আৰু কিছু পৰিমাণে হিন্দী কব পৰা বলবীৰ সিংৰ দল। আৰু তাৰ মাজত আমিবোৰ ইংৰাজীৰ পৰা হিন্দী আৰু হিন্দীৰ পৰা ইংৰাজীলৈ ভাঙনি কৰি প্ৰকল্পৰ কাম আগবঢ়াই নিয়াৰ দায়িত্ত্ত তেওলোকৰ মাজত।

সচৰাচৰ হোৱাৰ দৰেই এই প্ৰকল্পটোও নিৰ্ধাৰিত সময়ত আমি অলে কুছৰ দলটোক অনুঘটক স্ংযোজন কৰিব পৰা কৈ যোগাৰ কৰি দিব নোৱাৰিলো।

এদিন দুদিনকৈ সময় বিলাক যাব ধৰিলে। আমিও অলে কুছৰ দলটোক বৰ এটা সময় দিব নোৱাৰা হলো অন্য বিলাক কামৰ খাতিৰত।

কেইদিন মান পাছত এদিন কোনোবা এফালৰ পৰা আহি থাকোতে মন কৰিলো অলে কুছৰ দলটো আমাৰ অফিচৰ খট খটিত বহি একান্ত মনে কিবা কথাত ব্যস্ত।অকন মান কৌতুহল হোৱাত (কৌতুহল হোৱাতোৱেই স্বাভাবিক, এজনে কেবল ইংৰাজী জানে আৰু আন কেইজনে পঞ্জাৱীৰ বাহিৰে কেবল কিছু পৰিমানে হিন্দী জানে) তেওলোকৰ অজানিতে কিনো কথা পাতিছে শুনিবলে যত্ন কৰি চালো।
অকন মান পাচত গম পালো অলে কুছে ফট ফটীয়া ইংৰাজীত সদ্য বিবাহিত পত্নীক ওচৰত নোপোৱাত কিমান দুখ অনুভব কৰিছে কৈ গৈছে আৰু বলবীৰ সিংৰ দলে একান্ত মনে অলেৰ কথা শুনি হয়ভৰ দি গৈছে।মাজে মাজে বলবীৰ সিংৰ দলেও একদম খাতি পঞ্জাৱীত তাহাতৰ ঘৰৰ পৰা এনেকৈ দিনৰ পাচত দিন মাহ বাহিৰত কেইটামান পইছাৰ খাতিৰত পৰিয়ালৰ পৰা আতৰত থকাৰ সমান যে কষ্ট নাই বুজাব লাগিছে আৰু অলেই যেন সিহতৰ সমষ্ট দুখ যাতনা নিজৰ কৰি লৈছে তেনেকুৱা এটা ভাবত হয় ভৰ দি গৈছে।এবাৰত বলবীৰে পইচাৰ অভাৱত এইবাৰ তাৰ সৰুজনী ছোৱালীক স্কুলত নাম ভৰ্ত্তি কৰাব নোৱাৰিলে বুলি বৰ দুখ কৰিবলৈ ধৰিলে। এইবাৰ অলপ সময়ৰ পাছত মোক আচৰিত কৰি অলে কুছে নিজৰ পকেটৰ পৰা ৫০০ টকা দুখন উলিয়াই বলবীৰৰ হাতত গুজি দিলে।

সেইদিনাই মই অনুভব কৰিলো মানুহে মানুহক বুজিবৰ কাৰণে কোনো ভাষাৰ প্ৰয়োজন নহয় লাগে মাথো এখন হৃদয়হে।

No comments:

Post a Comment